গিৰ অভয়াৰণ্যত ২৩ টা সিংহৰ একেলগে মৃত্যু

Lions death in Gujrat gir forest

গুজৰাটৰ গিৰ অভয়াৰণ্যত একেলগে ২৩টা সিংহৰ মৃত্যু হৈছে । বেবেচিওচিচ নামৰ এক ৰোগত ইয়াৰে অধিকসংখ্যক সিংহৰ মৃত্যু হয় । বেবেচিওচিচ প্ৰকৃততে এটি জংঘলৰ ৰোগ । এই ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে বহু জীৱ-জন্তুৰ মৃত্যু হয় । কিন্ত এইবাৰ দেশৰ ভয়াবহ পৰিস্থিতিৰ মাজতে এনেদৰে একেলগে ২৩টা সিংহৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বন্যপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰিছে ।

স্থানীয় বনকর্মী সকলে জনোৱা অনুসৰি গিৰ অভয়াৰণ্যত মৃত্যু হোৱা সিংহ কেইটাৰ ভিতৰত ১৮ টাৰে শৰীৰত বেবেচিওচিচৰ লক্ষণ স্পষ্ট হৈছে । আনহাতে, বাকী পাঁচটা সিংহৰ মৃত্যু হয় মূলতঃ নিজৰ মাজত হোৱা যুজঁ আৰু বৰ্ধিত বয়সৰ বাবে । বন বিভাগে জনোৱা অনুসৰি, বেবেচিওচিচৰ ৰোগত আক্ৰান্ত আন ১৮ টা সিংহৰ চিকিৎসা সম্প্ৰতি পশু চিকিৎসা হাস্পতালত চলি আছে ।

বেবেচিওচিচৰ বাহক হ’ল এটি বিশেষ ধৰণৰ পোক । এই পোকটোৰ মাধ্যমতে বন্য জীৱ-জন্তুৰ মাজত এই ৰোগে বিস্তাৰ লাভ কৰিছে । এই ৰোগ বিধ সকলো ধৰণৰ জীৱ-জন্তুৰ মাজতে হ’ব পাৰে । এই ৰোগৰ লক্ষণ বিলাকৰ ভিতৰত মূলতঃ শৰীৰত খাদ্য ৰসৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে তেজতো ৰক্ত কণিকাৰ পৰিমাণ ক্ৰমে কমি যায় । এটা সময়ত ৰোগাক্ৰান্ত প্ৰাণীটো ক্ৰমশঃ দুৰ্বল হ’বলৈ ধৰে । বেবেচিওচিচ ৰোগত মৃত্যু হোৱা ১৮টা সিংহৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্যসহ এক তদন্ত প্ৰতিবেদন ইতিমধ্যে বন বিভাগৰ পৰা ৰাজ্য প্ৰশাসনৰ হাতত অৰ্পণ কৰা হৈছে।

Exit mobile version