বিশ্বনাথত শিল্পীৰ হাতৰ পৰশত সৃষ্টি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি 

IMG 20200511 WA0035

সমগ্ৰ দেশতে কৰ’না প্ৰতিৰোধৰ কাৰণে তলাবন্ধৰ ঘোষণা কৰা হৈছে ৷ এই সময়তে শিল্পীৰ হাতৰ পৰশত সৃষ্টি হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত আছিল মুম্বাইত ৷ জুবিনৰ অসুস্থতাৰ বাতৰি সংবাদমাধ্যমৰ যোগেৰে লাভ কৰি দুখত ম্ৰিয়মাণ হৈ পৰে বিশ্বনাথ চাৰিআলিৰ ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকা ৷ জুবিন গাৰ্গৰ গীত শুনি শুনিয়েই তলাবন্ধৰ মাজতে কাঠেৰে নিৰ্মাণ কৰিলে যুব প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনক ৷

ইফালে ইতিমধ্যে সুস্থ হৈ উঠা জুবিন মুম্বাইৰ পৰা বাছৰে আহি থকা শুনি উৎফুল্লিত হৈ পৰিছে বিশ্বনাথৰ কোছগাঁও নিবাসী ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকা ৷ ইয়াৰ পূৰ্বে ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকাই ডাঃ ভূপেন হাজৰিকাকে ধৰি আন বহু শিল্পীৰ বাহৰ , কাঠৰ বহু  ভাস্কৰ্য নিৰ্মাণৰে ৰাইজক আপ্লুত কৰি আহিছে ৷ লগতে ভাওনাৰ গদা, ধনুকাঁড়, চৰাই, গঁড়, শৰাই, তামোলৰ ঠোকা আদি নিৰ্মাণৰে ৰাইজৰ দ়ৃষ্টি নিৱদ্ধ কৰি আহিছে ৷ অঞ্চলটোৰ বিভিন্ন উৎসৱ-পাৰ্ৱন তথা প্ৰদৰ্শনীত ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকাৰ হাতৰ পৰশৰ বিভিন্ন চমক লগা শিল্পীৰ কৰুকাৰ্য দেখা পোৱা যায় ৷

উল্লেখযোগ্য যে, ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকাৰ সপোন আছে যে ভৱিষ্যতে  ডিজেলৰে হেলিকপ্তাৰ চলাই দেখুৱাব ৷ কিন্তু মনত প্ৰৱল আত্মবিশ্বাস থকা ৰমেন হাজৰিকাই ধনৰ অভাৱৰ বাবে ডিজেলৰে হেলিকপ্তাৰ চলাই দেখুৱাৰ আশা সম্পূৰ্ণ কৰিব পৰা নাই ৷ ইয়াৰ মাজতে কাঠৰে নিৰ্মাণ কৰা জুবিনৰ প্ৰতিমূৰ্তিক লৈ শিল্পী ৰমেন হাজৰিকা উৎফুল্লিত ৷ ভাস্কৰ্য শিল্পীজনৰ মতে এয়া তেওঁৰ জুবিনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা বৰ্হিপ্ৰকাশ ।

Exit mobile version