হোৱাইট হাউছত কৰ’না, ট্ৰাম্পৰ শীৰ্ষ বিশেষজ্ঞক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ

200311210846 02 trump oval office address 0311 exlarge 169

মাৰাত্মক কৰ’নাৰ প্ৰকোপৰ পৰা ৰক্ষা নপৰিল হোৱাইট হাউছ । ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাত এইবাৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে হোৱাইট হাউচৰ কৰ’না ভাইৰাছ টাস্ক ফৰ্চৰ তিনি বিষয়াক । ইয়াৰ অন্যতম শীৰ্ষ বিষয়া তথা নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেক্সছ ডিজিজৰ সঞ্চালক এণ্টনী ফৌসিক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি কোৱাৰেণ্টাইনত লৈ  গৈছে চেণ্টাৰ ফৰ ডিজিজেছ কংট্ৰল এণ্ড পৃভেন্সনৰ সঞ্চালক ৰবাৰ্ট ৰেডফিল্ড আৰু ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনৰ আয়ুক্ত ষ্টিফেন হানা । অৱশ্যে ফৌচিৰ পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ বুলি জনাইছে তেওঁৰ অধীনস্থ প্ৰতিষ্ঠানটোৱে। কোৱাৰেণ্টাইনত  থকা সময়ছোৱাত নিয়মিত তেওঁক পৰীক্ষা কৰি থকা হব বুলি জনোৱা হৈছে । নিজ গৃহতে কোৱাৰেণ্টাইনত আছে ফৌচি আৰু তাৰ পৰাই কাম কাজ চম্ভালিব বুলি কোৱা হৈছে। অৱশ্যে জৰুৰী প্ৰয়োজন হলে তেঁওক হোৱাইট হাউচ লৈ তলব কৰা হব পাৰে । এই ক্ষেত্ৰত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব।

ইপিনে ৰেডফিল্ড আৰু হানে টেলিফোন আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দায়িত্ব পালন কৰিব । এই পৰ্যন্ত তেওঁলোকৰ কাৰো দেহত কৰ’নাৰ কোনো উপসৰ্গ দেখা দিয়া নাই বুলি এক বিবৃতিত প্ৰকাশ । ৰেডফিল্ড আৰু হনৰ প্ৰতিবেদনো নিগেটিভ আহিছে বুলি সদৰী কৰা হৈছে। অৱশ্যে নিৰাপত্তাৰ খাতিৰত আগন্তুক দুটা সপ্তাহৰ বাবে তেওঁলোক কোৱাৰেণ্টাইনত থাকিব । ইয়াৰ পূৰ্বে চলিত সপ্তাহত কৰ’নাত আক্ৰান্ত হয় ভাইচ প্ৰেচিডেন্টৰ প্ৰেছ সচিব তথা মুখপাত্ৰ কোটি মিলাৰ । হোৱাইট হাউছৰ মূল ভৱনলৈ তেঁও নিয়মিত অহাযোৱা কৰিছিল ।

ইয়াৰ পূর্বে ট্ৰাম্পৰ এজন ব্যক্তিগত সহকাৰীও কৰ’না ভাইৰাছত আক্ৰান্ত হয় । অৱশ্যে এনে হ’লেও চিন্তিত নহয় বুলি জনাইছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ তালিকাত সমগ্র বিশ্বৰ ভিতৰতে আগবাঢ়ি আছে মার্কিন যুক্তৰাষ্ট্ৰ। এই পৰ্যন্ত দেশখনত ১৩ লক্ষাধিক লোক আক্ৰান্ত হৈছে আৰু প্ৰাণ হেৰুৱাইছে প্ৰায় ৭৯ হেজাৰ লোকে। সমগ্র আমেৰিকাতে কঠোৰ সতৰ্কতা জাৰি কৰিলেও মাস্ক পৰিধান কৰিবলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে অনীহা প্ৰকাশ কৰা দেখা গৈছে । শেহতীয়া বৈঠকসমূহতো তেওঁ মাস্ক পৰিধান কৰা নাই । অৱশ্যে হোৱাইট হাউছ যথেষ্ট নিৰাপদ ঠাই আৰু সেয়েহে ৰাষ্ট্ৰপতি ট্ৰাম্প সংক্ৰমিত হোৱাৰ সম্ভাৱনা নাই বুলি কয় মুখ্য নিৰাপত্তা বিষয়া চিফ অৱ ষ্টাফ মাৰ্ক মিডোজে। হোৱাইট হাউছত প্ৰৱেশৰ পূৰ্বে সকলো বিষয়া কৰ্মচাৰীৰ দেহৰ তাপমাত্ৰা জোখা হয় আৰু সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিছে বুলি তেঁও কয়।

Exit mobile version