আমেৰিকাত কৰ’না ভাইৰাছৰ সন্ত্ৰাস

140149 webpnet resizeimage

নিউয়ৰ্ক টাইমছ স্কোয়াৰ বিল্ডিঙৰ ছাদত সংস্থাপন কৰা হৈছে সুবিশাল এটা ঘড়ি । এই ঘড়ীত প্ৰতি মুহুৰ্ততে দেখুওৱা হৈছে যে আমেৰিকাত কেনেদৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাফিলতিত কৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে দেশখনত । ইপিনে সুবিশাল বিল বোৰ্ডে ৰখা সেই ঘড়ীৰ তলত লিখা আছে “মাৰ্কিন প্ৰশাসন কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ কাৰণে ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে” । বিল বোৰ্ডৰ এই ঘড়ীটো নিৰ্মাণ কৰিছে নিউয়ৰ্কৰ জনপ্ৰিয় চলচ্চিত্ৰকাৰ ইউজিন জাৰেকিয়ে৷ ঘড়ীটোৰ নাম দিয়া হৈছে ট্ৰাম্পৰ মৃত্যু ঘড়ী ।

ঘড়ীটোৰ যোগেদি জনা গৈছে যে সোমবাৰ পৰ্যন্ত কৰ’না ভাইৰাছত আমেৰিকাত মৃত্যু হৈছে প্ৰায় ৮০ হাজাৰ লোক ৷ আৰু মাৰ্কিন প্ৰশাসনৰ গাফিলতিত মৃত্যু হৈছে প্ৰায় ৪৮ হাজাৰ লোক । এক সপ্তাহ পূৰ্বে আমেৰিকাত সামাজিক দূৰত্ব বাধ্যতামূলক কৰা হ’লে কৰ’নাত মৃত্যুৰ সংখ্যা ৪৮ হাজাৰ নহ’লহেতেন । কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ ভিতৰত আমেৰিকাই শীৰ্ষ স্থান লাভ কৰিছে ৷ আনহাতে প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ জাৰেকিয়ে আন এটি প’ষ্টত লিখিছে “কৰ’না সংক্ৰমণৰ পিছতো আমেৰিকাই ১৬ মাৰ্চ পৰ্যন্ত সামাজিক দূৰত্ব বাধ্যতামূলক কৰা নাছিল । সকলো বিদ্যালয়, কাৰ্যালয়, আদালত খোলা হৈছিল । সামাজিক দূৰত্ব বাধ্যতামূলক যদি ৯ মাৰ্চৰ পৰা আৰম্ভ কৰা হ’লে কৰ’নাৰ সংক্ৰমণত ইমান মানুহৰ মৃত্যু নহ’লহেতেন ।

Exit mobile version