বোকাখাতত  আজি পৰ্যন্ত ৯৪৫ ত গাহৰিৰ মৃত্যু

96657925 1164407990584819 4069793946060980224 n

বোকাখাতত ইতিমধ্যে বহু গাহৰিৰ মৃত্যু হৈছে আৰু যিখিনি লক্ষণ দেখা গৈছে , চিকিৎসসকলে নিশ্চিত কৰিছে যে সেয়া আফ্ৰিকান ছোৱাইন ফিভাৰে হয় । এই সমষ্টিত প্ৰায় ৩০ হাজাৰ মান গাহৰি আছে আৰু এইসকল গাহৰি পালকে যাতে উচিত ক্ষতিপূৰণ পায় তাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে । ইফালে সজাগতা বৃদ্ধিৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিছো তাৰ বাবে ৰাইজৰ সহযোগিতা একান্তই প্ৰয়োজন । প্ৰথমটো উপায় হৈছে বায়ু সংস্পৰ্শ ৰোধ কৰা, দ্বিতীয়তে যিবোৰ গাহৰি মৃত্যু হৈছে সেইবোৰ গাহৰি যাতে ৬ ফুট তলত হাইড্ৰ’ক্লৰাইড, নিমখ আৰু ব্লিছিং পাউদাৰ দি পোতাৰ ব্যৱস্থা কৰা । কাৰণ বোকাখাতৰ কাষতে আছে কাজিৰঙা অভয়াৰণ্য খন। যদি বন্য গাহৰিলৈ আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণ হয় তেন্তে আমাৰ সাংঘাতিক ক্ষতি হ’ব। গাহৰি পালকৰ ক্ষতি যথেষ্ট হৈছে কাৰণ এই বেমাৰৰ প্ৰতিষেধক আজি পর্যন্ত ওলোৱা নাই । গতিকে আইছলেনত ৰখাৰ বাহিৰে অন্য বিকল্প নাই । ইফালে য’ত এই বেমাৰত গাহৰি মৃত্যু হৈছে সেই ঠাইখনৰ ১ কিলোমিটাৰ ভিতৰত কন্টেইনমেইন জ’ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ১০ কিলোমিটাৰ ভিতৰত চাৰ্বিয়ান ফ্লুন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় মন্ত্রী অতুল বৰাই ।

বিগত সময়ত মৃত্যু হোৱা গাহৰিসমূহ নদীত পেলাই দিয়া ঘটনাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী বৰাই । আনহাতে ইতিমধ্যে বোকাখাতত ৯৪৫ টা গাহৰিৰ মৃত্যু হৈছে । লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত যিসমূহ ত্ৰুটি আছে সেই সমূহ তদন্ত কৰাৰ কাৰণে মন্ত্ৰী অতুল বৰাই পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে । আৰু এই সমগ্ৰ বিষয়টো দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয়৷গতিকে বিষয়তো তদন্ত কৰাৰ কাৰণে দিল্লীলৈ মানুহ পঠোৱা বুলিও উল্লেখ কৰে । ইপিনে আত্মসহায়ক গোটক প্ৰদান কৰা টেক্টৰসমূহৰ ক্ষেত্ৰত ইউৰো কোম্পানীৰ সন্দৰ্ভত অহা অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ।

Exit mobile version