বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ গাইদে-হেলেনাৰ স্মৃতিত মাতৃ দিৱস পালন

96288325 124466739235733 8335004196805804032 o

বড়োলেন্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ গাইদে-হেলেনাৰ স্মৃতিত আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী  চৰাইবিলত মাতৃ দিৱস পালন কৰা হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ যমদুৱাৰ আঞ্চলিক সমিতি আৰু সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ (অবৌফ) কচুগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত গোসাঁইগাঁও মহকুমাৰ চৰাইবিলত আয়োজিত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে অবৌফৰ কচুগাঁও আঞ্চলিক সভানেত্ৰী উদাংশ্ৰী নাৰ্জাৰী আৰু শ্বহীদ তৰ্পণ কৰে  কেবিনেট মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই ৷

মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই বীৰ ছহিদ দুগৰাকীক স্মৰণ কৰি কয় যে “পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ আছিল গোসাইগাঁও মহকুমাৰ সুৰিবাৰি নিৱাসী  গাইদে বসুমতাৰী আৰু মোথামবিল নিৱাসী হেলেনা বসুমতাৰী ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “এবছুৰ উদ্যোগত সৃষ্টি হোৱা পৃথক বড়োলেণ্ড গঠনৰ আন্দোলন  তীব্ৰতৰ হোৱাৰ সময়তে আৰক্ষী প্ৰশাসনে উক্ত আন্দোলনক মষিমূৰ কৰাৰ বাবে বড়ো যুৱক সকলৰ ওপৰত চৰম আতিশাৰ্য চলাইছিল ৷ উক্ত আন্দোলনৰ আত ধৰি ১৯৮৮ চনৰ আজিৰ দিনটোত আৰক্ষী প্ৰশাসনে চৰাইবিলৰ যমদুৱাৰ এলেকাৰ একাংশ নিৰীহ যুৱকক বলপূৰ্বক ভাবে আটক কৰি লৈ যোৱাৰ সময়তে গাইদে বসুমতাৰী আৰু হেলেনা বসুমতাৰীয়ে অসংখ্য মহিলাক লৈ আগ ফালৰ পৰা আৰক্ষীক বাধা প্ৰদান কৰিছিল । তেতিয়া আৰক্ষীৰ গুলি চালনাত গাইদে বসুমতাৰীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আৰক্ষীৰ গুলিত গুৰুতভাৱে আহত হোৱা হেলেনা বসুমতাৰীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় ৷ ইপিনে মাতৃক হেৰুৱাই গাইদেৰ তিনি মহীয়া কন্যা ৰাম্ভা বসুমতাৰীৰো কিছুদিন পাছতেই মৃত্যু হয় ৷ তেতিয়াৰ পৰাই গাইদে  আৰু হেলেনাক বড়োলেন্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বুলি ঘোষণা কৰা হয় ৷”

তেওঁলোকৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয় ৷ তেওঁলোকৰ দৰে বড়ো জনগোষ্ঠীৰ অসংখ্য বীৰ-বীৰাঙ্গনাৰ বলিদানৰ ফলত আজি বিটিচি গঠন হৈছে ৷ এনে বীৰ সকল বড়ো জনগোষ্ঠীৰ প্ৰতিগৰাকী লোকৰ আত্মাত চিৰস্মৰণীয় হৈ থাকিব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷ আজিৰ অনুষ্ঠানত যুৱ ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰী, বড়ো সাহিত্যিক ভৱানী বাগলাৰী, কচুগাঁও আঞ্চলিক এবছুৰ সভাপতি অচিন্ত নাৰ্জাৰী আৰু এবছুৰ কেন্দ্ৰীয় সম্পাদিকা ৰংগীনা বৰগৱাৰী  সহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version