ইটালীত যুৱ সমাজৰ নতুন শ্ল’গান, গাঁৱলৈ যাওঁ ব’লক

manarola

This image is a different composition than the earlier production of a similar image titled "Golden Hour at Manarola". The frame is almost the same but the photo was taken later in the day and post processed to create a somewhat somber mood to characterize the retreat from the sea. Posterization was added to create a painterly look consistent with other Cinque Terre images intended to compose a related collection of fine art prints. Processed by Sam Dobrow 11-26-2011

কৰ’না ভাইৰাছে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে ইটালীত। বিশ্বৰ অন্যতম ধুনীয়া দেশখন সম্প্ৰতি কৰ’না অতিমাৰীৰ কবলত পৰি শ্মসানসদৃশ হৈ পৰিছে । পৰ্যটনকে উপার্জনৰ মুখ্য কৰি লোৱা দেশখনে এতিয়া কৰ’নাৰ মাধমাৰৰ বাবে শোচনীয় আৰ্থিক সংকটৰ সন্মূখীন হৈছে । কৰ’নাৰ আতংক আৰু এনেবোৰ পৰিস্থিতিত এতিয়া ইটালীবাসীৰ চিন্তা ধাৰণাতো অনেক পৰিৱৰ্তন হৈছে । অতিমাৰীৰ কবলৰ পৰা সামান্য ৰূপে সকাহ পোৱাৰ উপক্ৰম ঘটিছে যদিও বিগত দুটা মাহৰ ভয়াবহ অভিজ্ঞতাৰ ভিত্তিত দেশখনৰ নাগৰিকৰ মাজত এটা নতুন শ্ল’গানহে উদয় হৈছে । সেই শ্ল’গান হৈছে গাঁৱলৈ যোৱাৰ আহ্বান ।

কৰ’নাৰ মাধমাৰত কোঙা হৈ পৰা ইটালীৰ জন জীৱনে এতিয়া চহৰীয়া ঢং ত্যাগ কৰি গাওঁমুখী হৈছে। বিভিন্ন চহৰৰ অধিকাংশ লোকেই ইতিমধ্যে গাঁও অঞ্চলত বসবাসৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ দ্বাৰা ভৱিষ্যতে যিকোনো মহামাৰী বা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাত সহায় পোৱা যাব বুলি এইসকল লোকে ধাৰণা কৰিছে । লক্ষণীয় ভাৱে গাঁৱলৈ যাব বিচৰাসকলৰ অধিকাংশই হৈছে ইটালীৰ যুৱ প্ৰজন্মৰ। যুৱ সমাজৰ এটা বৃহৎ সংখ্যকে মন্তব্য কৰিছে যে তেওঁলোকে চহৰীয়া জীৱনৰ মাত্ৰাধিক ব্যস্ততা, হিংসা-আতংকবাদ, নিচাৰ দৰে বস্তুৰ লগতে আৰ্থিক সংকটৰ পৰা ৰেহাই বিচাৰিছে। ইয়াৰ উপৰি এতিয়া গাওঁ সমূহতো চহৰৰ দৰেই বিভিন্ন সা-সুবিধা উপলব্ধ আৰু ইণ্টাৰনেটৰ বাবে অফিচৰ বহুতো কাম সহজ হৈ পৰিছে। আনহাতে তেওঁলোকৰ ওপৰত থকা চহৰত পঢ়াৰ আৰ্থিক চাপো হ্ৰাস পাব ।

ইপিনে, স্বয়ং ইটালী চৰকাৰেও এই বিষয়টোত গুৰুত্ব দিছে আৰু কিছু আর্থিক সকাহ লাভৰো চিন্তা কৰিছে। এই সন্দৰ্ভত ইটালীৰ চহৰ মিলানত বহু পৰিৱেশ বান্ধৱ অট্টালিকা নিৰ্মাণৰ বাবে প্রখ্যাত ভাস্কৰ্যবিদ ষ্টিফান’ ব’ইৰীয়ে কয়, ‘এয়া সাহসী তথা বাস্তৱ সিদ্ধান্ত লোৱাৰ সময়। এতিয়া চহৰ সমূহক সংক্ৰমণ বোমাত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰাটো জৰুৰী হৈ পৰিছে।’ ভাস্কৰ্যবিদ ব’ইৰীৰ মতে , ইটালীত কমেও পাঁচ হেজাৰ আঠশ এনে গাঁও আছে, যিসমূহৰ মুঠ বাসিন্দাৰ সংখ্যা প্ৰায় পাঁচ হেজাৰৰো কম। ইয়াৰ উপৰি প্ৰায় ২৩শ এনে গাওঁ আছে যিসমূহ গাঁওক সম্পূৰ্ণৰূপে ত্যাগ কৰা হৈছে। অৰ্থাৎ সেই গাওঁসমূহত কোনো লোকে এতিয়া বাস নকৰে। এইসমূহ গাঁৱত চৰকাৰে বসতি স্থাপন কৰিব পাৰে বুলি ব’ৰীয়ে কয়। এই গাঁওসমূহত ‘ৱৰ্ক ফ্ৰম হোম’, ইণ্টাৰনেটৰ সুবিধা, কৰ ৰেহাই, পৰিবহণ ব্যৱস্থাৰ উন্নত হ’লে চহৰৰ ওপৰত থকা বোজাও  বহুলাংশে হ্ৰাস পাব বুলিও ভাস্কৰ্যবিদজনে কয়।

Exit mobile version