বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সংবাদমেল

nirmala sitharaman

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল। দেশৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত সংবাদমেলত বহু আঁচনিৰ কথা ব্যক্ত কৰিলে বিত্তমন্ত্ৰী সীতাৰমনে ৷স্থানীয় উদ্যোগক গুৰুত্ব দিবলৈ আহ্বান কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ বিভিন্ন দিশক বিস্তাৰিতভাৱে আলোচনা কৰাৰ পাছতহে এই পেকেজৰ ব্যৱস্থা কৰিছে ৷লগতে আত্মনিৰ্ভৰশীল ভাৰতৰ পুনৰ গঠনৰ কাৰণে তৈয়াৰ কৰা হৈছে এই পেকেজ । আত্মনিৰ্ভৰশীল ভাৰতৰ অৰ্থ স্থানীয় সামগ্ৰীক বিশ্বজুৰি প্ৰসাৰিত কৰা ৷ আত্মনিৰ্ভৰশীল হ’বলৈ ভাৰত সক্ষম ৷ সংবাদমেলত এই মন্তব্য নিৰ্মলা সীতাৰমনৰ ৷

১. মজলীয়া উদ্যোগৰ কাৰণে ৩ লাখ কোটি টকাৰ বিশেষ পেকেজ।

২.ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰণে ৬ টা পদক্ষেপ৷

৩.সংকটপূৰ্ণ আৰু মজলীয়া উদ্যোগলৈ ২০ হাজাৰ কোটি ৷

৪.পৰিৱৰ্তন হ’ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা ৷

৫.ভূমি ,শ্ৰম আইনত সৰ্বাধিক গুৰুত্ব ।

৬.অধিকাংশ আঁচনি কৃষক আৰু দৰিদ্ৰৰ বাবে।

৭.কোনো বন্ধক নোহোৱাকৈ পাব ঋণ ৷

৮.পেকেজত সমাজৰ সকলো শ্ৰেণীক গুৰুত্ব দিয়া হৈছে।

৯ .৪১ কোটি একাউণ্টত পোনপটীয়াকৈ দিয়া হৈছে সাহায্য ৷

১০.RBI য়ে বজাৰলৈ অধিক ধন এৰি দিব ৷

১১.সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ উদ্যোগলৈ ৫০ হেজাৰ কোটি ৷

সংবাদমেলত নিৰ্মলা সীতাৰমনৰ লগতে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে কয়”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড ১৯ ৰ প্ৰথম অৱস্থাত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কল্যাণৰ হেতু ১.৭০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ৷ কৰ’না ভাইৰাছৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতে অন্যান্য দেশতকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অনুৰাগ ঠাকুৰে।

Exit mobile version