যাত্ৰীবাহী ৰেল চলাচলে বৃদ্ধি কৰিলে সংক্ৰমণৰ আশংকা

859910 shramik 970

শ্ৰমিক বিশেষ ৰেলৰ পাছত দেশত ইতিমধ্যে আৰম্ভ হৈছে যাত্ৰীবাহী ৰেল চলাচল ৷ দেশৰ একাংশ নিৰ্দিষ্ট ৰেলপথত এইসমূহ ৰেল চলিব ৷ কিন্তু ৰেল চলাচল আৰম্ভ হোৱাৰ লগে লগে দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰো আশংকা কৰা হৈছে ।কিয়নো ৰেল ভ্ৰমণৰ ফলত ভাইৰাছ সংক্ৰমণৰ মাত্ৰা কিমান ভয়াৱহ হ’ব পাৰে তাৰেই এখন চিত্ৰ পৰিস্ফুট হ’ল চীনৰ উহানৰ এক গৱেষণাত । উক্ত গৱেষণাৰ আঁত ধৰিয়ে দেশৰ একাংশই আশংকা ব্যক্ত কৰিছে যে যাত্ৰীবাহী বাছ বা ৰেলৰ দ্বাৰা সংক্ৰমণৰ প্ৰকোপ বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে । দেশত যাত্ৰীবাহী ৰেল চলাচলৰ প্ৰথম দিনাই পোহৰলৈ অহা উহানৰ গৱেষণাৰ তথ্যই স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ উৎপত্তি হৈছিল চীনৰ বাণিজ্যিক চহৰ উহানতে  ৷ উক্ত চহৰৰে একাংশ গৱেষকৰ শেহতীয়া গৱেষণাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ গৱেষকৰ দাবী যে এখন যাত্ৰীবাহী বাছৰ ভিতৰত মাত্ৰ এজন কৰ’না আক্ৰান্ত যাত্ৰীৰ দ্বাৰা আন এজন সংক্ৰমিত হৈছিল ৷ ইয়াৰ ভিতৰত সবাতোকৈ দূৰত যিজন লোক আক্ৰান্ত হৈছিল তেওঁৰ অৱস্থান আছিল আক্ৰান্ত লোকজনৰ পৰা প্ৰায় চাৰে চাৰি মিটাৰ অৰ্থাৎ ১৪.৭ ফুট দূৰত । ইয়াৰ পৰাই বিজ্ঞানী গৱেষকসকলৰ ধাৰণা যে যাত্ৰীবাহী বাছ বা ৰেলত মাস্ক পৰিধান নকৰিলে বা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন নকৰিলে ইয়াৰ পৰিণতি হ’ব ভয়ানক । এই বাছৰ ঘটনাতে আছিল চলিত বৰ্ষৰ ১২ জানুৱাৰীৰ ৷ উহানত সেই সময়ত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল । তলাবন্ধতো নাছিলেই ৷ আনকি ৰেল বাছ আদিতো কোনো নিয়ন্ত্ৰণ নাছিল । সেই সময়ত হাঁচি কাহৰ উপসৰ্গ লৈ এজন ব্যক্তি বাছত উঠে । বাছখনৰ চি চি টি ভি ফুটেজ পৰীক্ষা কৰি চীনৰ এক গৱেষকৰ দলে দাবী কৰে যে সেই ব্যক্তিজনৰ পৰা আন নজন যাত্ৰী সেই যাত্ৰাত সংক্ৰমিত হৈছিল । আনহাতে সেই বাছখনৰ কোনো যাত্ৰীয়েই মাস্ক পৰিধান কৰা নাছিল । বাছখনৰ বাহিৰে আন ঠাইতো সেইলোকজনৰ পৰা আন চাৰিজন লোক আক্ৰান্ত হৈছিল ৷ সেই ৰোগীজনক লৈয়ে গৱেষণা চলাইছিল “হুনান প্ৰভিন্সিয়েল চেন্টাৰ ফৰ ডিজিজেছ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সন”ৰ গৱেষকে ।

সংশ্লিষ্ট ৰোগীজন কোন ঠাইলৈ গৈছিল, কিমানজনক সংক্ৰমিত কৰিছিল সেই সকলোবোৰ বিচাৰি উলিয়াবলৈ সক্ষম হয় গৱেষকৰ দলটো । চাৰিঘণ্টীয়া বাছ যাত্ৰাৰ সেই ফুটেজটোত গৱেষকসকলে দেখা পায় যে যাত্ৰা আৰম্ভ হোৱাৰ পৰৱৰ্তী চহৰখনত উপস্থিত হোৱা সাতজন যাত্ৰী কৰ’নাত সংক্ৰমিত হৈছিল ৷ ইফালে যাত্ৰীজন নামি যোৱাৰ পাছত আন কেইজন যাত্ৰী বাছখনত উঠিছিল ৷ সেইসকলৰ মাজত দুজন যাত্ৰীও কৰ’না ভাইৰাছত সংক্ৰমিত হয় । ইমানদিনে ধাৰণা কৰা হৈছিল যে হাঁচি কাহ বা কাহৰ মাধ্যমৰে নাক মুখৰ পৰা যি লেলাউটিৰ কণিকা বাহিৰ হয়, তাৰ পৰাই আন লোক কৰ’নাত আক্ৰান্ত হয় । কিন্তু এই গৱেষণাৰ অন্তত গৱেষকসকলে অনুমান কৰিছে যে কেৱল লেলাউটিৰ কণিকাই নহয়, প্লাষ্টিক বা ধাতুতো কৰ’না জীৱাণু দীৰ্ঘসময়লৈ জীয়াই থাকিব পাৰে । সমান্তৰালকৈ যি এক মিটাৰৰ নিৰাপদ দূৰত্ব আৰু লেলাউটিৰ কণিকাৰ কথা কোৱা হৈ আহিছে, কৰ’না ভাইৰাছৰ চৰিত্ৰ যে তাতকৈও মাৰাত্মক সেয়াও গৱেষণাত বোজা গৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে ।

উহানৰ এই চিত্ৰ পোহৰলৈ অহাৰ পিছতে চিন্তিত হৈ পৰিছে ভাৰতীয় বহু বিজ্ঞানী গৱেষক ৷ কিয়নো ইতিমধ্যে শ্ৰমিক বিশেষ ৰেলৰ চলাচল আৰম্ভ হৈছে ৷ বাছৰ তুলনাত ৰেলৰ ক্ষেত্ৰত পৰিস্থিতি অধিক মাৰাত্মক হৈ উঠিব পাৰিব বুলি আশংকা কৰিছে বিজ্ঞানী গৱেষকসকলে। কিয়নো ৰেলত নিৰাপদ দূৰত্ব মানি চলাও কঠিন ৷ ইপিনে উহানৰ প্ৰতিজন বাসিন্দাৰ কৰ’না ভাইৰাছ পৰীক্ষাৰ সিদ্ধান্ত লৈছে চীনৰ মহানগৰ কৰ্তৃপক্ষই ৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ১১ নিযুত লোকে বাস কৰা মহানগৰীখনৰ প্ৰতিজন নাগৰিককে নিউক্লিচ এচিড পৰীক্ষা সম্পন্ন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি জমা দিবলৈ জনোৱা হৈছে  ৷ উল্লেখযোগ্য যে চীনত তলাবন্ধ আৰু সকলো প্ৰকাৰৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত বিগত কিছু সপ্তাহত দেশখনৰ উত্তৰ পূবৰ ৰাছিয়াত সীমান্তৱৰ্তী জিলিন আৰু হেইলংজিয়াং প্ৰভিন্সত কে’বাজনো লোক ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল ।

Exit mobile version