ৰাজদায়িত্ব লৈ উভতি নাহে ৰাণী এলিজাবেথ

queen elizabeth II

ভৱিষ্যতে ৰাজকীয় কাৰ্যভাৰ পালন কৰিবলৈ কেতিয়াও উভতি নাহিব পাৰে ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথ।ক’ভিড-১৯ৰ আশংকাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি দাবী কৰিছে ইংলেণ্ডৰ এখন প্ৰভাৱশালী টেবলয়ড ‘দ্য ছান’ পত্ৰিকাই।ক’ভিড-১৯ত ইংলেণ্ডত আক্ৰান্ত বা মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই ।তৎসত্বেও কাইলৈৰ পৰা তলাবন্ধৰ বাধানিষেধ কিছু শিথিল হ’ব বুলি ঘোষণা কৰিছে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ।

এনে পৰিস্থিতিত ৰাণী কেতিয়ালৈ জনসমকক্ষলৈ আহিব ,সেয়া অনিশ্চিত হৈ আছে ।ব্ৰিটিছ ৰাজ পৰিয়ালৰ সূত্ৰই দাবী কৰা মতে ,ৰাণীয়ে ৰাজকীয় দায়িত্বলৈ উভতি নাহিবও পাৰে ।উল্লেখ্য যে ৰাণী এলিজাবেথ দ্য কুইন মাদাৰৰ মৃত্যুৰ পাছত ১৯৫২ত তেওঁৰ কন্যা দ্বিতীয় এলিজাবেথ যুক্তৰাজ্যৰ সিংহাসনত বহিছিল ।তেওঁ হৈছে ব্ৰিটিছ সিংহাসনত সবাতোকৈ অধিক দিন অধিষ্ঠিত হোৱা শাসক ।

অৱশ্যে ৬৮বছৰীয়া ৰাজকীয় ক্ষমতাকালত প্ৰথমবাৰলৈ তেওঁ ইমানদিন ধৰি দায়িত্বৰ পৰা আঁতৰত আছে ।ব্ৰিটেইনত কৰ’না ভাইৰাছৰ সংকট অব্যাহত থকা সময়ছোৱাত ৯৪বছৰীয়া ৰাণীয়ে তেওঁৰ বাসস্থান উইণ্ডছৰ দুৰ্গতে অনিৰ্দিষ্টকাললৈ অৱস্থান কৰিব বুলি ঘনিষ্ঠ সূত্ৰই জনাইছে।ধাৰণা কৰা হৈছে যে বিগত প্ৰায় ৩০ বছৰত প্ৰথমবাৰৰ বাবে এই গ্ৰীষ্মত জনসাধাৰণৰ বাবে বন্ধ থাকিব বাকিংহাম পেলেচ।

ইপিনে,’ছানডে টাইমছ ‘ কাকতে দাবী কৰিছে যে ৰাণীৰ শৰৎ কালীন কার্যক্ৰমণিকাৰ পঞ্জীও বন্ধ হৈ আছে ।অক্টোবৰত ৰাণীয়ে দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল,কিন্ত এতিয়াও সেই বিষয়ত কোনো নিশ্চয়তা পোৱা নাই ।ব্ৰিটিছ আৰু কমনৱেলথ সামৰিক বাহিনীৰ ৰেজিমেণ্টৰ কালাৰ ট্ৰপিং ,গাৰ্টাৰ ছাৰ্ভিচৰ অৰ্ডাৰ আৰু ৰাণীৰ গ্ৰীষ্মৰ বাগান পাৰ্টিসহ প্ৰায় সকলো সমাবেশ ইতিমধ্যে বাতিল কৰা হৈছে ।

অৱশ্যে ৰাণীয়ে প্ৰতি বছৰে অংশ লোৱা ৰয়েল এছক’ট অনুষ্ঠান প্ৰসাদৰ অভ্যন্তৰতে আয়োজিত হ’ব পাৰে ।উল্লেখ্য যে ৰাণীতে শেহতীয়া দুবাৰ জাতিৰ উদ্দেশ্যে ভাষণ ৰাখিছে ।যোৱা ১৯মাৰ্চৰ পৰাই তেওঁ হোম কোৱাৰেণ্টাইনত আছে ।বাকিংহাম পেলেচৰ এজন কৰ্মচাৰীৰ শৰীৰত ক’ভিড-১৯ধৰা পৰাৰ পাছৰে পৰাই তেওঁ ৰাজহুৱা স্থানলৈ অহা নাই ।

Exit mobile version