অজয় দেৱগণক অনুকৰন কৰি জৰিমনা ভৰিলে আৰক্ষী বিষয়াই

20 05 2019 aj phoo 1 19238846

হঠাৎ দেখিলে এনে লাগিব যেন ৰূপালী পৰ্দাৰ ‘সিংঘম’ৰ অৱতাৰ হৈছে বাস্তৱত । তেনে অৱতাৰ লোৱাৰ বাবে যিদৰে প্ৰশংসিত হ’ল, সেইদৰে ভৰ্ৎসনাও সহ্য কৰিবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন আৰক্ষী বিষয়াই ।বলিউডৰ ছবিৰ দৰে ষ্টান্ট কৰিবলৈ গৈ এই আৰক্ষী বিষয়াজনে আনকি জৰিমনাও ভৰিবলগীয়া হয় ।অলপতে বলিউডৰ ছুপাৰষ্টাৰ অজয় দেৱগণৰ প্ৰথম ছবি ‘ফুল ঔৰ কাঁটে’ৰ এটা বিখ্যাত ষ্টান্ট নকল কৰিছিল মধ্যপ্ৰদেশৰ নৰসিংহগড় আৰক্ষী থানাৰ আৰক্ষী উপ পৰিদৰ্শক মনোজ যাদৱে । ‘ফুল ঔৰ কাঁটে’ত দুখন চলন্ত মটৰ চাইকেলত দুই ভৰি ৰাখি পৰ্দাত আবিৰ্ভাৱ ঘটিছিল অজয়ৰ । সেই ছবিৰ ষ্টান্টৰ বাবে অজয়ে সেই বছৰ ফিল্মফেয়াৰৰ বঁটাও লাভ কৰিছিল ।

কিন্ত আৰক্ষী বিষয়া যাদৱৰ ভাগ্যত আছিল জৰিমনা । অৱশ্যে আৰক্ষী বিষয়াজনৰ এই ষ্টান্ট সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বহুতে এই ষ্টান্টৰ বাবে তেওঁক প্ৰশংসাও কৰে । ভিডিঅ’ত দেখা যায়, বলিউডৰ তাৰকা জনৰ দৰেই দুখন চলন্ত গাড়ীত দুই ভৰি ৰাখি আহি আছে আৰক্ষী বিষয়াজন । তেওঁৰ এই গাড়ী ষ্টান্টৰ স’তে ৰোহিত শেট্টীৰ ছবি ‘ছিম্বা’ বা ‘গোলমাল ৰিটাৰ্ণছ ‘ৰো মিল পোৱা গৈছে বুলি বহুতে মন্তব্য কৰিছে । অৱশ্যে তেওঁৰ এই কাৰ্যক আন একাংশই সামাজিক মাধ্যমত সমালোচনাও কৰে । এই সকল লোকে মন্তব্য কৰে যে আৰক্ষী বিষয়াজনৰ এনে কাৰ্যৰ দ্বাৰা সাধাৰণ মানুহৰ ওচৰলৈ ভুল বাৰ্তা যাব পাৰে ।অনুৰূপ ধাৰণা কৰে আৰক্ষী প্ৰশাসনেও ।

আৰক্ষীৰ মতে, ‘এই ষ্টান্টৰ দ্বাৰা সমাজৰ যুৱ সমাজলৈ ভুল বাৰ্তা যাব পাৰে । সেইবাবেই আৰক্ষী উপ পৰিদৰ্শক যাদৱক পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে স্থানীয় প্ৰশাসনে । আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে । সেইদৰে ভৱিষ্যতে যাতে তেওঁ বা আন কোনেও এই ধৰণৰ ষ্টান্ট নেদেখুৱায়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে ।

Exit mobile version