কৰ’ণাৰ ত্ৰাসত সমস্যাৰ সন্মুখীন হৈছে পশ্চিম নলবাৰীৰ বাঢ়ৈ শিল্পী

IMG 20200513 WA0042

বিশ্বত কৰ’ণা মহামাৰীৰ সংহাৰী ৰূপে জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷এই সময়তে বহু সাধাৰণ লোকে খাদ্য সংকটৰ সমস্যাত পৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ অৱদান স্বৰূপ কৰ’ণা ভাইৰাছে প্ৰথম অৱস্থাত বৰ্তমানৰ ৰূপ ল’ব বুলি স্বাভাৱিকতে কোনেও ভবা নাছিল ৷

কিন্তু সাম্প্ৰতিক সময়ত কৰ’ণা ভাইৰাছৰ বাবে কোনো মতে নিজৰ নূন্যতম উপাৰ্জনৰে পৰিয়ালক পোহ পাল দিয়া সকলৰ সন্মুখত সম্প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ পশ্চিম নলবাৰীৰ বাঢ়ৈ শিল্পীসকলে তৈয়াৰ কৰা সামগ্ৰীৰ বিক্ৰী কৰি কোনোমতে পৰিয়াল চলাই নিছিল ৷

বিশেষকৈ ঐতিহাসিক নদলা বজাৰ, বেলশৰ বজাৰ, বৰ্নিবাৰী বজাৰ, শোলমাৰা বজাৰ, কৈঠালকুছি বজাৰতে স্থানীয় বাঢ়ৈ শিল্পীসকলে নিজ হাতে তৈয়াৰ কৰা বাঁহৰ কুলা, ডলা, চালনী, সৰু বৰ টুকুৰী,ঢাৰি,মূড়া,বিছনী,মাছ মৰা বাহঁৰ বিভিন্ন সজুলী বিক্ৰী কৰিছিল ৷

মুলতঃ উক্ত বজাৰতে তৈয়াৰী সামগ্ৰীবোৰ বিক্ৰী কৰিয়ে সপ্তাহত পৰিয়ালটো চলাই নিয়াৰ বাবে ন্যূনতম অৰ্থ উপাৰ্জন কৰিছিল ৷কিন্তু শেহতীয়াকৈ বিশ্বৰ লগতে দেশত কৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ হেতু কেন্দ্ৰীয় চৰকাৰে দিয়া তলাবন্ধৰ প্ৰভাৱ অন্যান্য দিশৰ সমান্তৰালকৈ বাঢ়ৈ শিল্পীসকলৰ ওপৰতো পৰিছে ৷

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত কৰ’ণা সংক্ৰমণৰ ভিত্তিত তলাবন্ধত কিছু শিথিলতা আনিলেও সাপ্তাহিক বজাৰ বা দৈনিক বজাৰ বন্ধ ৰাখি কিছু সংখ্যক দোকানহে খোলাৰ অনুমতি দিয়াত স্বাভাৱিকতে সমাজৰ অতি নূন্যতম উপাৰ্জনৰ লোক আৰু বাঢ়ৈ শিল্পীসকলৰ সমস্যাৰ সন্মুখীন হৈছে ৷কাৰণ বজাৰ বন্ধ যেতিয়া উপাৰ্জনো বন্ধ ৷

সম্প্ৰতি বৃহত্তৰ চামতা,গন্ধিয়া, কুলবিল, সাহপুৰ, নদলা,কৈঠালকুছি, বেলশৰ, পিপলিবাৰী, ককয়া, জাগাৰা আদিৰ বাঢ়ৈ শিল্পীসকলে মুলতঃ সাহায্যকাৰী কোনো হৃদয়বান লোকৰ মুখলৈ চাব লগা হৈছে ৷ একাংশই জীয়াই থকাৰ সংগ্ৰাম খনত নিজক জীয়াই ৰাখিবলৈ গ্ৰামাঞ্চলত শাক পাছলিৰ ব্যৱসায়ত ব্ৰতী হৈছে ৷

উল্লেখ্য যে পশ্চিম নলবাৰীৰ পিপলিবাৰী গাঁৱৰ প্ৰয়াত ৰবিন শৰ্মাক অসম সাহিত্য সভাই বাঢ়ৈ শিল্পী হিচাপে সন্মান জনাইছিল ৷ বংশগভাৱে ৰবিন শৰ্মাৰ পৰিয়ালৰ বংশধৰ নৃপেন শৰ্মাও আজিও বাঢ়ৈ শিল্পী হিচাপে জড়িত হৈ আছে ৷ দৰিদ্ৰ নৃপেন শৰ্মাৰ দুই পুত্ৰ- কন্যাৰে চাৰি জনীয়া পৰিয়ালটোক বাঢ়ৈ শিল্প কৰ্মৰে পিপলিবাৰীত কোনো মতে চলি আছে ৷

ইপিনে গন্ধিয়াৰ কিশোৰ শৰ্মাইও এক মাত্ৰ পত্নী পুত্ৰসহ তিনিজনীয়া পৰিয়ালটোক এক মাত্ৰ বাঢ়ৈ শিল্প কৰ্মৰে কোনো মতে চলি আছে পৰিয়ালটো ৷গন্ধিয়াৰে ননীগোপাল শৰ্মাই বিশেষকৈ মাছ থোৱা খালৈ তৈয়াৰ কৰে ৷তলাবন্ধৰ সময়তো খালৈ তৈয়াৰ কৰি বজাত বিক্ৰীয়ে নিজৰ তিনিজনীয়া পৰিয়ালটো চলাই ৷

গন্ধিয়াৰে হৰেন্দ্ৰ শৰ্মাইও বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি নিজৰ দোকানতে বিক্ৰী কৰি সংসাৰ চলাই আহিছে ৷ বেলশৰৰ ভৱানী বৰ্মন, কন্দৰ্প বৰ্মন,মনিৰাম পাটোৱাৰীৰো একেই অৱস্থা ৷ পৰিতাপৰ বিষয় যে নলবাৰীত ’মুখ্যমন্ত্ৰী কৃষি সা- সঁজুলী যোজনা’ৰ নামত আকাশলংঘী দুৰ্নীতি সংঘটিত হৈছে ৷

দেশত কৰ’ণা মহামাৰীক প্ৰতিহত কৰাৰ বাবে ভাৰত চাৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা তলাবন্ধ কৰি ৰখাত বাঢ়ৈ শিল্পৰ লগত জড়িত সকলে জীয়াই থকাৰ সংগ্ৰামত ককবকাই অতি জটিল সন্ধি ক্ষণেৰে দিন অতিবাহিত কৰিছে ৷

Exit mobile version