হঠাতে আমি এক বিষম পৰিস্থিতিৰ সন্মূখীন হ’লো । কেতিয়াও ভবা নাছিলো যে এনে এক মহাসংকটৰ মুখামুখি হ’ব লাগিব । হ’লো । মুখামুখিতো হ’বই লাগিব । তাৰপাছত দেখিলো যে এই মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ এটাই উপায় যে মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব । সেই বাবেই ঘোষিত হ’ল তলাবন্ধ । তলাবন্ধৰ আগৰে পৰা মই আৰু মোৰ স্বামী ৰাজেন কলিতা গুৱাহাটীৰ ঘৰতে আছিলো । আগৰ পৰাই মহানগৰীৰ ঘৰখনত আমি দুজনেই থাকো । অৱশ্যে তলাবন্ধৰ আগে আগে মোৰ নাতি আৰু পো-বোৱাৰী দিল্লীৰ পৰা আহিছে ।
মোৰ পুত্ৰই দিল্লীতে ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰে । আৰু তলাবন্ধত নাতিটোৱে মোৰ সমস্ত সময় ল’লে । জন্মৰ পৰা নাতিটোক ইমান দীঘলীয়া সময়ৰ বাবে পোৱাই নাছিলো । তাৰ বৰ্তমান আঠ বছৰ বয়স। তলাবন্ধৰ এই দীঘলীয়া সময়ছোৱাত নাতি টোৱে মোক ইমান দীঘলীয়া সময়ৰ বাবে পোৱাই নাছিলো। তাৰ বৰ্তমান আঠ বছৰ বয়স । তলাবন্ধৰ এই দীঘলীয়া সময়ছোৱাত নাতিটোৱে মোক সাধু কয় আৰু ময়ো তাক সাধু কওঁ । এইকেইটা দিনৰ অধিকাংশ সময়ে মই শিশুৰ জগতখনৰ মাজতে ব্যস্ত থাকিলো । পো-বোৱাৰীয়েও মোৰ যথেষ্ট সময় ল’লে । আৰু ময়ো এই সময়খিনি বাৰুকৈয়ে উপভোগ কৰিলো । তলাবন্ধৰ সময়তে এপাৰ্টমেণ্টৰ আবাসীসকলে সহায়িকাসকলক কামলৈ অহাটো বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে । এপাৰ্টমেণ্টলৈ সহায়িকাৰ আহ-যাহ বন্ধ হোৱাৰ লগে লগে ঘৰুৱা কামেও যথেষ্ট সময় ল’লে ।
ঘৰৰ সমস্ত কাম মই নিজ হাতে কৰিবলগীয়া হ’ল । তলাবন্ধৰ আগেয়ে মই কাম এটা হাতত লৈছিলো । অতি মন্থৰ গতিৰে হ’লেও কামটো কিছু পৰিমাণে আগবঢ়ালো । লগতে নতুন উপন্যাস এখনৰ কিছু খণ্ডও ইয়াৰ মাজতে লিখিবলৈ আৰম্ভ কৰিলো । নাতিৰ লগত সময় কটোৱা অথবা ঘৰুৱা কামত ব্যস্ত থকাৰ থাকিলেও গৱেষণাৰ কামটো মন্থৰ গতিৰে আগুৱাই নিলো । আচলতে কলমটোৱে মোক জীয়াই ৰাখিছে । সেয়ে সদায় পুৱা উঠিয়ে ভাবো যে আজি কি লিখিম । কাইলৈ কি লিখিম ? এই ভাৱটোৱে লিখিবলৈ মোক প্ৰেৰণা দিয়ে । তলাবন্ধৰ সময়ছোৱাতো মোৰ কলমটোৱে স্বাভাৱিক সময়ত সময় দিয়াৰ দৰে সময় দিলে ।
এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে মই যেতিয়াই কোনো কাম এটাত হাতত দিও সেই কামটো কৰাৰ পূৰ্বে ভালেসংখ্যক সমল গ্ৰন্থ গোটাই লৈছিলো । আৰু এই তলাবন্ধৰ মাজতে এই সমল গ্ৰন্থসমূহৰ অধ্যয়নো শেষ কৰিলো । তলাবন্ধৰ সময়ছোৱাতে অতি মন্থৰ গতিৰে হ’লেও এই নতুন উপন্যাসখন লিখাৰ কাম আৰম্ভ কৰিছো । নাতি আৰু পো-বোৱাৰী এতিয়াও আছে । এনেয়ে কেতিয়াবা আমি দিল্লীলৈ যাওঁ, তেতিয়া এসপ্তাহ ১০ দিনৰ কাৰণে লগ পাওঁ আৰু তেওঁলোক আহিলেও কেইদিনমানৰ বাবেহে আমি লগালগি হোৱাৰ সুযোগ পাওঁ । কিন্তু তলাবন্ধৰ বাবে বহু বছৰৰ মূৰত গোটেই পৰিয়ালটোৱে অন্তৰংগভাৱে সময় কটোৱাৰ সুযোগ পালো ।
এই সময়ছোৱাত পো-বোৱাৰী, স্বামী সকলোৱে মিলি আমি বহুত ভাল কথা আলোচনা কৰিলো। এনেকৈয়ে সময়বোৰ পাৰ হ’ল। কিন্তু নাতি, পো-বোৱাৰীৰ সংগ, লেখা-মেলা, ঘৰুৱা কাম-কাজ আদিৰ মাজতো তলাবন্ধত মানুহবোৰৰ বাবে মই অনবৰতে এটা যন্ত্ৰণা পাই থাকিলো । আমাৰ এই যিখন শ্ৰেণীবিভক্ত সমাজ, এইখন সমাজত মানুহৰ কি কষ্ট ! সামান্য কাম এটা কৰিবলৈ যাওঁতে সকলো তচনচ হৈ গ’ল । এই যে শ্ৰমিকসকল ইঠাইৰ পৰা সিঠাইলৈ আহিবলগা হ’ল, কম দুখৰ কথা নে ? প্ৰতিনিয়ত মৃত্যু হৈছে মানৱতাৰ । কৰ’না ভাইৰাছৰ অভাৱনীয় সংক্ৰমণেও মোক প্ৰতিনিয়ত দুখ দিছে । এতিয়াও দুখ পাই আছো । মই আকৌ পুৰণি কথালৈ উভতি যাওঁ । সম্পদৰ সমবিতৰণ হ’ব লাগিব। মানুহে আধিপত্যবাদেৰে নহয়, গণতান্ত্ৰিক পদ্ধতিৰেহে জীয়াই থকাটো বিচাৰো । তাৰ বাবে এতিয়া মানুহৰ মাজত সম্পদৰ সমবিতৰণ হ’বই লাগিব ।