এখন বজাৰতে ২৬ শতাধিক লোক আক্ৰান্ত

Webp.net compress image 20

অসমত ৰাজ্যৰ ভিতৰতে অন্যতম ব্যস্ত আৰু বৃহৎ পাইকাৰী বজাৰ ফাঁচীবজাৰত আকস্মিকভাৱে কৰ’না ভাইৰাছৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে তামিলনাডুৰ এখন পাইকাৰী বজাৰক লৈ সম্প্ৰতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে | চেন্নাইৰ পৰা নাতিদূৰৈত অৱস্থিত কয়ম্বুদুৰত আছে তামিলনাডুৰ এখন বৃহৎ পাইকাৰী বজাৰ | এই বজাৰৰ পৰাই বিশেষকৈ ফলমূল ৰাজ্যখনৰ বিভিন্ন জিলালৈ ৰপ্তানি হয় | তলাবন্ধৰ শিথিলতাৰ সুযোগ লৈ এই বজাৰতো ভংগ হৈছিল সামাজিক দূৰত্বকে ধৰি কৰ’নাৰ অন্যান্য সুৰক্ষা বিধিসমূহ | ফলত বজাৰখনত উপস্থিত থকা একাংশ শ্ৰমিকৰ দেহত সংক্ৰমিত হয় ক’ভিড-১৯ ভাইৰাছ |

উল্লেখ্য যে বজাৰখনত জড়িত বৃহৎ সংখ্যক লোকৰ ক’ভিডৰ নমুনা পৰীক্ষাত প্ৰথমে ১৫শ লোকৰ দেহত উপস্থিত ধৰা পৰাৰ পাছত মূহুৰ্ততে সংক্ৰমণ বৃদ্ধি হৈ বৃহস্পতিবাৰ পৰ্যন্ত ২৬শও অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য বিভাগে | স্থানীয় প্ৰশাসনিক বিষয়া জে ৰাধাকৃষ্ণণে সদৰী কৰা মতে ইতিমধ্যে বজাৰখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পৰ্ক থকা ২.৬ লাখ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে | ইয়াৰে বহু পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী যদিও ইতিমধ্যে বহু সংখ্যক ক্ৰেতা- বিক্ৰেতা আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাটো প্ৰমাণিত হৈছে ৷

তেওঁ লগতে কয় যে বজাৰ অঞ্চলটোত ঘন জনবসতি আৰু বস্তি অঞ্চল আছে আৰু সকলোতে কৰ’না ভাইৰাছ সংক্ৰমণ হোৱা ফলত নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে | অৱশ্যে ৰাইজক আশ্বস্ত কৰি বিষয়াজনে কোনো লোককে আতংকিত নহ’বলৈ আহ্বান জনায় | ইফালে, ৰাজ্যখনত বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত ৯২২৭ জন লোক কৰ’নাত আক্ৰান্তৰ হোৱাৰ বিপৰীতে ২১৭৬ জন সুস্থ আৰু ৬৪ জনৰ মৃত্যু হৈছে | উল্লেখ্য যে এই বজাৰৰ ঘটনাৰ পাছতে মাত্ৰ দুদিনৰ ভিতৰতৰ আক্ৰান্তৰ সংখ্যা দেশৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে তামিলনাডু|

Exit mobile version