প্ৰতিদিনে মৃত্যু হ’ব হেজাৰৰো অধিক শিশুৰ

250229 covid19

কৰ’না ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে আতংক বৃদ্ধি পাইছে ইউনিচেফৰ এক আশংকাত ।সম্প্ৰতি ইউনিচেফৰ তৰফৰ পৰা উদ্বেগ প্ৰকাশ কৰি কোৱা হৈছে যে কৰ’নাৰ প্ৰকোপত বিপৰ্যস্ত হোৱা স্বাস্থ্য ব্যৱস্থাত প্ৰয়োজনীয় সেৱা বা চিকিৎসাৰ পৰা বঞ্চিত হৈছে শিশুসকল । ফলত নানা ধৰণৰ ৰোগ ব্যাধিত আক্রান্ত হৈ বিশ্বজুৰি প্ৰতিদিনে এহেজাৰৰ অধিক শিশুৰ মৃত্যু ঘটিব পাৰে । সম্প্ৰতি ‘লেন্সেট গ্ল’বেল হেলথ’ত প্ৰকাশিত এক প্ৰতিবেদনত ইউনিচেফৰ তৰফৰ পৰা উদ্বেগ ব্যক্ত কৰি জনোৱা হৈছে যে আগন্তুক ছমাহত বিশ্বৰ ১১৮ খন দেশত পাঁচ বছৰৰ তলৰ প্ৰায় ২৫ লাখ শিশুৰ মৃত্যু হ’ব পাৰে ।

ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফ’ৰে কয় যে এই প্ৰথমবাৰলৈ সমগ্ৰ বিশ্বত ইমান বেছি সংখ্যক শিশুৰ মৃত্যুৰ আশংকা সৃষ্টি হৈছে । ইয়াৰ সমান্তৰালকৈ ইউনিচেফে আশংকা কৰিছে যে কৰ’নাৰ প্ৰভাৱত কাহিল স্বাস্থ্য সেৱা তথা বিপৰ্যস্ত আন্তঃগাঁথনিৰ ফলত আগন্তুক ছমাহত ৫৬ হেজাৰ সাতশ প্ৰসূতিৰো মৃত্যু হ’ব পাৰে । ইয়াৰ পূৰ্বে ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাই একেলগে উদ্বেগ প্ৰকাশ কৰি জনাইছিল যে কৰ’না ৰোধৰ বাবে বিভিন্ন দেশৰ সীমান্ত ছীল কৰা হৈছে । সকলো ধৰণৰ পণ্যৰ আমদানি-ৰপ্তানিও বন্ধ ।ফলত কে’বাখনো দেশলৈ ঔষধ সৰবৰাহো বন্ধ হৈ আছে ।

ইয়াৰ উপৰি অৰ্থনৈতিক সংকটৰ ফলত মানুহৰ হাতত নগদ ধনৰ অভাৱো প্ৰকট হৈ পৰিছে । ইউনিচেফে জনাইছে যে ১১মাৰ্চৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ বিশ্বত প্ৰায় ১৬ কোটি শিশুৰ জন্ম হ’ব । ইয়াৰ ভিতৰত ভাৰতত জন্ম হ’ব দুই কোটিৰ । ইউনিচেফে আশংকা কৰিছে যে কৰ’নাৰ প্ৰকোপত বিশ্বজুৰি মাতৃ আৰু শিশুৰ প্ৰয়োজনীয় স্বাস্থ্যসেৱা মাৰাত্মকভাৱে ব্যাহত হ’ব পাৰে । এইক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্যৰ মাৰাত্মক বিপদৰ আশংকা আছে । সেয়ে প্ৰত্যেক দেশৰ চৰকাৰ আৰু স্বাস্থ্যকৰ্মীসকলক সতৰ্ক কৰি দি ইউনিচেফে জনাইছে যে কৰ’না চিকিৎসাৰ সমান্তৰালকৈ মাতৃ আৰু শিশুৰ প্ৰয়োজনীয় স্বাস্থ্য সেৱাও স্বাভাৱিকভাৱে অব্যাহত ৰাখিব লাগিব । অন্যথা আৰু ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে সমগ্ৰ বিশ্ব।

Exit mobile version