পৰিচৰ্যাকাৰীৰ বাবে পৰামৰ্শ
ADVERTISEMENT
- যেতিয়া এগৰাকী অসুস্থ ব্যক্তিৰ সৈতে একেটা কোঠাতে এগৰাকী পৰিচৰ্যা থাকিব, তেতিয়া তেওঁ তিনিতৰপীয়া মাস্ক ভালদৰে পৰিধান কৰা উচিত । ব্যৱহাৰৰ সময়ত মাস্কৰ সন্মুখৰ ভাগ কেতিয়াও স্পৰ্শ কৰিব নালাগে।
- নিজৰ মুখ, নাক আৰু মুখমণ্ডল স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে ।
- অসুস্থ ব্যক্তি বা তেওঁৰ আশে-পাশে থকা পৰিৱেশৰ সংস্পৰ্শলৈ আহিলেও হাত পৰিষ্কাৰকৈ ধোৱা উচিত ।
- প্ৰায় ৪০ চেকেণ্ড ধৰি চাবোন আৰু পানীৰে হাত ধুব লাগে ।
- চাবোন আৰু পানীৰে হাত ধোৱাৰ পাছত হাত মচিবলৈ ডিচপ’জেবল ব্যৱহাৰ কৰা উচিত। যদি নাথাকে, তেতিয়া পৰিষ্কাৰ টাৱেল ব্যৱহাৰ কৰিব লাগে ।
- ৰোগীৰ সৈতে সংস্পৰ্শত আহিলে ৰোগীৰ শৰীৰৰ পৰা, বিশেষকৈ মুখ আৰু শ্বাস-প্ৰশ্বাসৰ পৰা নিঃসৰিত ৰসৰ পৰা দূৰত থকা উচিত ।
- ৰোগীক শুশ্ৰূষা কৰাৰ সময়ত ডিচপ’জেবল হাত মোজা ব্যৱহাৰ কৰিব লাগে। হাতমোজা পিন্ধা আৰু খোলাৰ পিছত হাত পৰিষ্কাৰ কৰাটো উচিত ।
- ৰোগীক তেওঁৰ কোঠাত খোৱা-বোৱা যোগান ধৰা উচিত ।
- পৰিচৰ্যাকাৰীয়ে তথা তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৱে সদায় তেওঁলোকৰ শৰীৰৰ উষ্ণতা স্ব-নিৰীক্ষণ কৰাৰ লগতে ক’ভিড-১৯ ৰ কোনো লক্ষণ দেখা দিলে লগে লগেই চিকিৎসকক অৱগত কৰিব লাগে ।
ৰোগীৰ বাবে পৰামৰ্শৱলী
- ৰোগীয়ে সকলো সময়তে তিনিতৰপীয়া মেডিকেল মাস্ক ব্যৱহাৰ কৰিব লাগে । পিন্ধাৰ ৮ ঘণ্টা হ’লে বা তাৰ আগতে অপৰিষ্কাৰ হ’লে লগে লগে আঁতৰাই পেলাব লাগে ।
- মাস্ক সদায় ১% ছ’ডিয়াম হাইপ’-ক্লৰাইটেৰে কৰিহে পেলাব লাগে ।
- ৰোগীগৰাকী নিৰ্দিষ্ট কোঠাতে থাকিব লাগে । ঘৰৰ জ্যেষ্ঠ ব্যক্তি, বিশেষকৈ উচ্চ ৰক্তচাপ, হৃদৰোগী, বৃক্ক ৰোগৰ দৰে দুৰাৰোগ্য ৰোগীৰ পৰা আঁতৰত থাকিব লাগে ।
- বেছি সময় জিৰণি ল’ব লাগে আৰু যথেষ্ট পৰিমাণে পানী আৰু জুলীয়া আহাৰ সেৱন কৰিব লাগিব ।
- সকলো সময়তে শ্বাস-প্ৰশ্বাসৰ প্ৰয়োজনীয় আচৰণ মানি চলিব লাগে ।
- চাবোন আৰু পানীৰে ঘনাই ৪০ চেকেণ্ড পর্যন্ত হাত ধুব লাগে অথবা এলকহলযুক্ত ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰিব লাগে ।
- আনৰ সৈতে ব্যক্তিগত সামগ্ৰী শ্বেয়াৰ কৰিব নালাগে ।
- ১% হাইপ’ক্লৰাইট চলিউশ্যনেৰে কোঠাত প্ৰায়ে স্পৰ্শ কৰি থকা পৃষ্ঠভাগ পৰিষ্কাৰ কৰিব লাগে । (টেবুলৰ ওপৰভাগ, দুৱাৰৰ হুক, হেণ্ডেল ইত্যাদি) ।
- ৰোগীয়ে চিকিৎসকৰ নিৰ্দেশনা আৰু চিকিৎসাজনিত পৰামৰ্শৱলী কঠোৰভাৱে মানি চলিব লাগিব ।
- ৰোগীয়ে শৰীৰৰ উষ্ণতা স্ব-নিৰীক্ষণ কৰাৰ লগতে কোনো জটিল সমস্যা দেখা দিলেই লগে লগে চিকিৎসকক অৱগত কৰিব লাগে ।