গৃহবন্দী মানুহক যেন বিশ্বাসত লৈ সন্তপৰ্ণে কাষ চাপি আহিছে বন্যকূল ৷ সেউজাবৃত্ত নিৰ্জন কাৰ্বিপাহাৰৰ ওখ চূড়াৰ পৰা যেন এইবাৰ কলিয়াবৰৰ সেউজ জন অৰণ্যলৈ নিৰৱে নামি আহিছে বিৰল তথা বিলুপ্ত প্ৰজাতিৰ এজাক লাজুকী বান্দৰ ৷ চিকনি চাহ বাগিছাৰ পৰা শাকমুঠীয়া, শালনা, জীয়াজুৰি, লুংচুং, ননৈকে আদি কৰি কাৰ্বিপাহাৰৰ নামনি তথা পাহাৰাঞ্চল ব্যাপি থকা বহুকেইখন বৃহৎ বৃহৎ চাহ বাগিচাৰ লগতে সৰু-বৰ বহু বাগিচা আৰু ইয়াৰ লগতে লাগি থকা জন অৰণ্যত এতিয়া এইজাক বিৰল প্ৰজাতিৰ লাজুকী বান্দৰৰ অবাধ বিচৰণ ৷ মানুহ গৃহবন্দী হোৱাৰ সময়তে এয়া যেন মুক্ত বিচৰণ এজাক বন্যপ্ৰাণীৰ ৷
উল্লেখ্য যে, কলিয়াবৰৰ জন অৰণ্যত এতিয়া নিৰ্বিঘ্নে বিচৰণ কৰিছে নানাৰঙী পক্ষীৰ লগতে ভিন্ন প্ৰজাতিৰ বন্যকূলে ৷ কলিয়াবৰৰ অন্তৰ্গত কাৰ্বি পাহাৰ সীমান্ত অঞ্চলত এতিয়া সহজতেই পৰিলক্ষিত হৈছে নিৰলে উমলি থকা লাজুকী বান্দৰ ৷ সাধাৰণতে জন সমাগম আৰু বিশেষকৈ মানুহৰ পৰা দূৰত্ব বজাই ওখ গছৰ জোপোহা বা চিৰসেউজীয়া অৰণ্যত নিৰলে উমলি থকা এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীবিধৰ ‘বেংগল লাজুকী বান্দৰ’ প্ৰজাতিটো পৰিলক্ষিত হৈছে এই পাহাৰ সীমান্ত অঞ্চল সমূহত ৷ ‘ইণ্টাৰনেছনেল ইউনিয়ন ফৰ্ কনজাৰভেশ্বন্ অৱ নেশ্বাৰ’ৰ দ্বাৰা ইতিমধ্যেই ‘ৰঙা তালিকাভুক্ত’ হৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা এই বেংগল লাজুকী বান্দৰ প্ৰজাতিটোৱে সঘনাই কাৰ্বিপাহাৰ সীমান্তৰ লগতে নামবৰ হাবি পৰ্যন্ত সময়ে সময়ে দেখা দি আহিছে ৷
অধিক সময়ত মানুহৰ জিঘাংসাৰ বলি হৈয়ে বিলুপ্তিৰ দিশলৈ গতি কৰিছে সৰ্বদেহ কোমল বগা-মুগা বৰণীয়া নোমেৰে আবৃত গোলমূৰীয়া, চেপেটা মুখৰ ডাঙৰ ডাঙৰ উজ্জ্বল চকু আৰু সৰু কাণৰ মৰমলগা প্ৰাণীবিধে ৷ অন্ধবিশ্বাসৰ বলি হৈয়ে থলুৱা কবিৰাজৰ ঔষধৰ নামতে বিভিন্ন সময়ত সংগোপনে মানুহৰ জিঘাংসাৰ বলি হৈছে বিশ বছৰ পৰ্যন্ত জীয়াই থকা এইবিধ প্ৰাণীয়ে ৷ চিৰসেউজ বৰ্ষাৰণ্যত বাস কৰা এটা প্ৰাপ্তবয়স্ক লাজুকী একৰ পৰা দুই-আঢ়ৈ কিলোগ্ৰাম ওজনৰ হোৱাৰ লগতে মূৰৰ পৰা নেজলৈ ২৬ৰ পৰা ৩৮ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয় ৷ উত্তৰ-পূবৰ লগতে অসমৰ সেউজ কাৰ্বিপাহাৰৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ভিয়েটনাম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, চীনৰ য়ুনান, মালয়েছিয়া, লাউচ, কম্বোডিয়া, ওচেনিয়া, ছিংগাৰপুৰ আদি দেশত বিভিন্ন প্ৰজাতিৰ লাজুকী দেখা পোৱা যায় ৷ ইয়াৰ ভিতৰত আমাৰ ইয়াত সততে দেখা পোৱা কাৰ্বিপাহাৰৰ বেংগল প্ৰজাতিৰ লাজুকী বান্দৰৰ লগতে আন আন দেশত সুন্দা লাজুকী, যৱন লাজুকী, পিগ্মী লাজুকী, ফিলিপাইনছ লাজুকী, বেংকক লাজুকী, বাৰ্ণিয়ান লাজুকী, কায়ান নৈপৰীয়া লাজুকী আদি প্ৰজাতি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা যায় ৷
সাধাৰণতে ফলমূল, গছৰ গুটি, কোঁহপাত আদি খাই জীৱন নিৰ্বাহ কৰে এই লাজুকী বান্দৰে ৷ সাধাৰণতে নিশাচৰ এই লাজুকীয়ে আন আন বান্দৰৰ দৰে জাক পাতি নাথাকি অকলশৰীয়াকৈ থকা দেখা যায় ৷ কাৰ্বিপাহাৰৰ লগতে কলিয়াবৰৰ প্ৰায়কেইখন বনাঞ্চলৰ নামনিৰ জনাঞ্চলত সময়ে সময়ে উদ্ধাৰ হৈ আহিছে এই বিৰল প্ৰজাতিৰ লাজুকী ৷ মানুহৰ সংস্পৰ্শলৈ কমকৈ অহাৰ বাবেই ইয়াৰ নাম লাজুকী যদিও ইংৰাজী নাম ‘শ্ল’ লৰিছ’ ৷ শেহতীয়াকৈ কলিয়াবৰৰ শিলঘাট ৰবৰবাৰী, শাকমুঠীয়া চাহ বাগিচাৰ লগতে এদিন পূৰ্বে কাৰ্বিআংলং সীমান্তৱৰ্তী জিয়াজুৰি চাহ বাগিছাৰ জনঅৰণ্যতো উদ্ধাৰ হৈছে লাজুকী বান্দৰ৷ ইয়াৰোপৰি এই সীমান্ত অঞ্চলৰ বিভিন্ন স্থানৰ ওখ গছৰ জোপোহাত পৰিলক্ষিত হৈছে এই লাজুকী ৷ সকলোতে তলাবন্ধৰ প্ৰভাৱ বা প্ৰকৃতিৰে সহাৱস্থানৰ ন-ন পথৰ সন্ধান যিয়েই নহওক, এনেদৰেই জীয়াই থাকক লাজুকীজাক ৷ আমি মানুহেও চাই ৰওঁ ইহঁতৰ লাজুক চাৱনিৰ আঁৰৰ সেউজীয়া পৃথিৱীখন৷