অসমে পুনৰ দুসপ্তাহ তলাবন্ধ বৃদ্ধি বিচাৰিছেঃ সৰ্বানন্দ সোনোৱাল

IMG 20200418 WA0079

তলাবন্ধৰ ফলত বহিঃৰাজ্যৰ পৰা উভতি অহা অসমৰ যুৱকসকলক সম্পদৰূপে ব্যৱহাৰ কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰা হ’ব ৷এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ইতিমধ্যে উভতি অহা আৰু উভতি আহিবলগীয়া সকলোকে অসম চৰকাৰে দক্ষ শক্তিৰূপে গণ্য কৰিছে ৷যদি উভতি অহা কোনোবা ঘূৰি নাযায় তেন্তে সেইসকলক চৰকাৰে অসমত নিয়োগ কৰাৰ ব্যৱস্থা কৰিব। লগতে মুখ্যমন্ত্ৰীয়ে কয়”তেওঁলোক আমাক সম্পদ ৷

মই আমাৰ কৌশল বিকাশ তথা উদ্যোগ মন্ত্ৰীৰ লগত কথা পাতিছো ৷সুভাষ দাস কমিটীয়েও আমাক এই ক্ষেত্ৰত পৰামৰ্শ দিব ৷সেইমতে অসম চৰকাৰ আগবাঢ়িব ৷কিন্তু তেওঁলোকক কৃষিভিত্তিক উদ্যোগত নিয়োজিত কৰাত অগ্ৰাধিকাৰ দিয়া হ’ব ৷অৱশ্যে কিমান লোক উভতি আহিব তাৰ হিচাপ প্ৰক্ৰিয়াটোৰ অন্ত পৰিলেহে ওলাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে কনফেডাৰেছন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ প্ৰতিবেদন মতে তলাবন্ধৰ ফলত অসমৰ উদ্যোগ খণ্ডটোৰ প্ৰতিদিনে এহেজাৰ কোটিকৈ লোকচান হৈছে। অৱশ্যে এই ক্ষতি পূৰাবলৈ চৰকাৰ সক্ষম হ’ব বুলি তেওঁ দাবী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ দ্বাৰা অসম সফল হ’ব মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সতৰ্কতাৰ লগত অৰ্থনৈতিক কাম কাজো চলিব ৷সেই কাৰণে অসম চৰকাৰে আৰু দুসপ্তাহ তলাবন্ধ বিচাৰিছে ৷সমান্তৰালভাৱে উন্নয়নমূলক কাম কাজো চলিব। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিত ভাবে জনোৱা বুলি কয় সোনোৱালে ৷প্ৰধানমন্ত্ৰীৰ প্ৰসংগতে সোনোৱালে কয়” আমি ক’ভিড ১৯ ৰ বিৰুদ্ধে মুক্ত হ’বলৈ প্ৰত্যেকেই যুঁজিছো ৷

প্ৰধানমন্ত্ৰীয়ে আমাক সাহস দিছে ৷তেওঁ দৰিদ্ৰৰ বন্ধু ৷তেওঁ যি কয় নিষ্ঠাৰে পালন কৰে ৷প্ৰধানমন্ত্ৰীৰ ঘোষণাত অসমক আগবঢ়াই নিয়াৰ সুযোগ আমালৈ আহিছে। এই বিষয়ে কেন্দ্ৰৰ লগত কথা পাতিছো ৷অসম চৰকাৰেও নিজৰ দায়িত্ব সৰ্বোৎকৃষ্ট ৰূপত পালনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু সেইবাবে অসমৰ বাহিৰে ভিতৰে কোনো লোক যাতে ভোকত থাকিব নালাগে তাৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে ।আনহাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ থলুৱা উদ্যোগ সমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।

Exit mobile version