তলাবন্ধৰ অনুভৱঃ ড° উপেন ৰাভা হাকাচাম

Upen Rabha Hakacham 1

????????????????????????????????????

সমগ্ৰ বিশ্বত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ ।নতুনকৈ সংক্ৰমিত হৈ ভাৰতবৰ্ষত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰালৈকে প্ৰথমাৱস্থাত গাত লগা নাছিল। কিন্তু তলাবন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে গোটেই বিষয়টোক লৈ শংকিত হৈ পৰিলো ।তলাবন্ধৰ প্ৰথম সপ্তাহটোত খোৱা বোৱাৰ বাহিৰে একোৱে কৰিব পৰা নাছিলো ৷সদায় হাতত কলম লোৱা মানুহজনে লেখা মেলাৰ ক্ষেত্ৰত মন কাণ নিদিয়া দেখি পৰিবাৰকে ধৰি ঘৰৰ আটায়ে কিছু পৰিমাণে চিন্তিত হৈ পৰিছিল ।

মোৰ এনে অস্বাভাৱিক আচৰণৰ বিষয়ে মুকলিকৈ পৰিয়ালৰ সদস্য সকলে একো কোৱা নাছিল যহিও মোক লেখা মেলা কৰিবলৈ তেওঁলোকে উৎসাহ যোগাইছিল ৷যি কি নহওক কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি মনৰ মাজত সৃষ্টি হোৱা ভয় শংকা,দুশ্চিন্তাবোৰ একাষৰীয়া কৰি থৈ পূৰ্বৰ দৰে হাতত কলম তুলি ল’লো ৷আৰু অৱসৰ গ্ৰহণৰ পাছত কৰিম বুলি ভাবি থকা কামটো তলাবন্ধৰ সময়তে কৰাৰ পৰিকল্পনা যুগুত কৰি হাতে কামে লাগি গ’লো ৷ বিশেষকৈ ভাষা বিজ্ঞানৰ এজন ছাত্ৰ হিছাপে অসমীয়া ভাষাত ক’ব নোৱাৰাকৈয়ে ব্যৱহাৰ হোৱা ইংৰাজী শব্দবোৰক সামৰি ব্যৱহাৰিক সমকালীন অসমীয়া শব্দকোষ প্ৰস্তুতৰ কামত নিজকে নিয়োজিত কৰিলো এই সময়ছোৱাত ৷বেছ কিছুদিন ধৰি কৰ’না ভাইৰাছ সম্পৰ্কীয় বা বাতৰিয়ে সৰ্বাধিক হাৰত স্থান পাইছে সংবাদ মাধ্যমত ৷

এই বা বাতৰিবোৰত সঘনাই ব্যৱহৃত হোৱা “ছেনিটাইজড”,ছেনিটাইজাৰ,মাস্ক,আইছ’লেছন,কোৱাৰেন্টাইন,কনটেইনমেন্ট জ’ন,তলাবন্ধ,ৰেড জ’ন,অৰেঞ্জ জ’ন,গ্ৰীণ জ’ন,পি পি ই কিট,কৰ’না পজিটিভ,কৰ’না নিগেটিভ আদি শব্দবোৰ দেখি শুনিয়ে প্ৰায় ১০ বছৰ পাছত কৰিম বুলি ভাবি লোৱা কামটো আৰম্ভ কৰিলো ।ইতিমধ্যে ইয়াৰ ৫০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে আজিকালি বেছিভাগ লেখা মেলা কম্পিউটাৰতে সম্পন্ন কৰা হয়। প্ৰতি বছৰে “শিক্ষক দিৱস”ত ছাত্ৰ ছাত্ৰীসকলে আমাক কলম উপহাৰ দিয়ে ৷এই কলমবোৰ উলিয়াই প্ৰতিদিনে নতুন নতুন শব্দবোৰ সন্নিৱিষ্ট কৰি ১০-২০ পৃষ্ঠাকৈ লিখি গৈছো ৷

এটা সময়ত উপহাৰ হিচাপে পোৱা কলমবোৰৰ চিয়াঁহী শেষ হ’ল। ঘৰৰ অ’ত ত’ত পৰি থকা কলম বোৰৰ জৰিয়তে কাম চলাই থকাৰ সময়তে চৰকাৰে দোকান খোলাৰ অনুমতি দিলে। তেতিয়া খোলা দোকান সমূহৰ পৰাই কলম বিচাৰি আনি লেখা মেলা অব্যাহত ৰাখিছো ৷এই মুহুৰ্তত মোৰ বাবে আশাব্যঞ্জক হৈ পৰিছে তলাবন্ধৰ সময়ছোৱা। কৰ’না ভাইৰাছৰ সময়তে মোৰ আটাইতকৈ প্ৰিয় বিষয় ভাষাৰ ওপৰত অধিক মনোনিৱেশ কৰিছো ৷

এই মুহূৰ্তলৈকে কৰ’না ভাইৰাছৰ লগত সম্পৰ্ক নথকা আন বহু শব্দ পাইছো। অথচ এই শব্দসমূহৰ প্ৰচলন ইমানেই বেছি হৈছে যে তাৰ আভিধানিক অসমীয়া অৰ্থ উলিয়াই ব্যৱহাৰ কৰিলেও মানুহে ভালদৰে বুজি নাপাব অথবা সঠিকভাৱে বুজাব পৰা নাযাব ৷মোৰ দৰে বহু ব্যক্তিয়ে এই সময়ছোৱাত নিজৰ নিজৰ প্ৰিয় বিষয়ৰ ওপৰত চৰ্চা কৰিছে ৷এনে ধাৰাবাহিকতাই সকলোৰে মন সজীৱ কৰি ৰাখে ৷অৱশ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে সাৱধান হৈ চলাৰো অভ্যাস গঢ়ি তুলিব লাগিব ।

সাৱধানতাৰ মৰণ নাই ।তাৰ বাবে অযথা দুশ্চিন্তা কৰি থাকিলে নানা ধৰণৰ উপসৰ্ই শৰীৰত দেখা দিব ৷এনে উপসৰ্গসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত দুৰ্বল হৈ পৰিব পাৰে মানুহৰ শৰীৰ। সেয়েহে যাৰ যি দুৰ্বলতা অথবা নিচা আছে তাক কামত খটুৱাই বিন্দাছ জীৱনটো উপভোগ কৰক৷ তলাবন্ধৰ সময়ত মই মোৰ জীৱনতো উপভোগ কৰিছো। অন্ততঃ এতিয়া মৰিলেও মোৰ আক্ষেপ নাই তলাবন্ধত এনেয়ে নাথাকি কিবা এটা কৰি থৈছো বা কৰি আছো,যি মোৰ মৃত্যুৰ পাছত হ’লেও প্ৰকাশ পালে ৰাইজৰ,দহৰ কামত লাগিব ৷মৰিম মৰিম বুলি ভাবিলে মৰণ চমু চাপি আহিব ৷কৰ’নাক আমি চিনি লৈছো,চিনি ল’ম আৰু তাৰ স’তে সহবাস কৰি যাম ৷

Exit mobile version