সুৰা ক্ৰয় কৰি আনিলে ৰবটে

Robot

সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ চৰ্ততে শিথিল কৰা হৈছে তলাবন্ধ ।তৎসত্বেও অধিকাংশ মানুহে সামাজিক দূৰত্ব বজাই ৰখাৰ পৰিৱৰ্তে উলংঘাহে কৰি আছে ।ফলত সংক্ৰমণৰ আশংকা আছেই ।ইয়াৰ উপৰি আছে কোনো সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে দীঘলীয়া শাৰী পতাৰ সমস্যা।তথাপি জানো মদ্যপানৰ পৰা বিৰত থাকিব পাৰি ?ইয়াৰ কথা মনত ৰাখিয়ে কিছু বুদ্ধি খটাই এক বিশেষ উপায় উলিয়ালে তামিলনাডুৰ ক’ইম্বাট’ৰৰ এজন কম্পিউটাৰ ইঞ্জিনীয়াৰে ।

সুৰা ক্ৰয়ৰ বাবে এটা ৰবট তৈয়াৰ কৰিলে যুৱ অভিযন্ত্ৰাজনে ।ঘৰৰ বাহিৰলৈ নোলোৱাকৈ সুৰা ক্ৰয়ৰ উপায় বিচাৰি অৱশেষত ক’ইম্বাট’ৰৰ কাৰ্তিক ভেলায়ুত্থাম নামৰ অভিযন্ত্ৰাজনে এই ৰবট তৈয়াৰৰ পৰিকল্পনা কৰে ।অনেক চিন্তা ভাবনা কৰি দুদিনৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত কাৰ্তিকে এই ৰবটটো সাজি উলিয়ায়।এটা কাৰ্ডব’ৰ্ডৰ বাকচ আৰু এচটা চকাযুক্ত কাঠৰ দ্বাৰাই তেওঁ এই ৰবট তৈয়াৰ কৰে ।এই সন্দৰ্ভত অভিযন্ত্ৰাজনে কয় যে এই ৰবট নিৰ্মাণত তেওঁ এনে প্ৰযুক্তিৰ সহায় লৈছে,যাতে অসমান ৰাস্তা অতিক্ৰম কৰিও সহজে গন্তব্যস্থানত উপস্থিত হ’ব পাৰে ।

এই ৰবটৰ ডিভাইচ নিজৰ স্মাৰ্টফোনৰ স’তে যুক্ত হৈ থাকিব।ইয়াৰ দ্বাৰা ভিডিঅ’ কলৰ মাধ্যমেৰে ৰবটটোক দোকান -বজাৰলৈ প্ৰেৰণ কৰি সকলোকাম ঘৰৰ পৰাই সমাধা কৰিব পৰা যাব ।এই ৰবটত প্ৰায় ৫০কিলো গ্ৰাম পৰ্যন্ত সামগ্ৰী বহন ক্ষমতা থকা বুলিও কাৰ্তিকে জনায়।আনহাতে, ধনৰ আদান-প্ৰদানতো প্ৰতাৰিত হোৱাৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁ দাবী কৰে ।

কিয়নো এই ৰবটৰ মাধ্যমেৰে ক্ৰয় কৰা সামগ্ৰীৰ বাবদ কেৱল অনলাইনৰ দ্বাৰাহে মূল্য আদায় দিয়া হ’ব।কাৰ্তিকে লগতে কয় ,’পৰীক্ষামূলকভাৱে মই মদৰ দোকানলৈ এই ৰবটটো প্ৰেৰণ কৰিছিলো।দেখিলো সঁচাকৈয়ে ৰবটটোৱে মোৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আনিলে ।তাৰ ফলত মই ঘৰৰ পৰা বাহিৰ ওলাবলগীয়া নহ’ল।সংক্ৰমণৰ আশংকাও বহুখিনি এৰাব পাৰিলো।’ইঞ্জিনীয়াৰজনে লগতে দাবী কৰে যে সামগ্ৰী ক্ৰয় আনকি খাদ্যবস্তুৰ অনলাইন ডেলিভাৰীৰ ক্ষেত্ৰতো যদি এই ৰবটৰ সাহায্য লোৱা হয়,তেন্তে কৰ’নাৰ সংক্ৰমণৰ আশংকা বহুখিনি হ্ৰাস পাব।

 

 

Exit mobile version