ইচ্ছা কৰি অকলে থকা আৰু বাধ্যত পৰি অকলশৰীয়া জীৱন কটোৱাৰ মাজত পার্থক্য আছে। ইয়াৰ দ্বিতীয়বিধ অকলশৰীয়া জীৱনৰ ফলত মনলৈ একাকীত্ব বা নিঃসংগতাৰ ভাব আহিব পাৰে। দীর্ঘদিনীয়া একাকীত্বই স্বাস্থ্যৰো ক্ষতিসাধন কৰাৰো আশংকা কৰি আহিছে চিকিৎসা বিজ্ঞানীসকলে।
কেৱল মানসিক দিশতে নহয়, শাৰীৰিক দিশতো একাকীত্বৰ প্ৰভাৱ ধ্বংসাত্মক হ’ব পাৰে।আমেৰিকান হার্ট এছ’চিয়েছন, কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়, হার্ভার্ড বিশ্ববিদ্যালয় আৰু ফ্ল’ৰিডা স্টেট বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ শেহতীয়া এক অধ্যয়ন অনুসৰি একাকীত্বৰ স’তে হৃদৰোগৰ যোগসূত্র আছে।
হার্ভার্ডৰ গৱেষকসকলৰ মতে একাকীত্বৰ অনুভৱে হৃদযন্ত্ৰৰ দুই ধৰণে ক্ষতি কৰে। ইয়াৰে প্ৰথমটো হ’ল যেতিয়া একাকীত্বৰ অনুভৱ যন্ত্রণাদায়ক হৈ উঠে তেতিয়া তেজত চি-বিয়েক্টিভপ্ৰ’টিনৰ মাত্রা বৃদ্ধি পায়। এই প্ৰ’টিন ধমনীৰ বেৰত জমা হ’বলৈ ধৰি তেজৰ চলাচলত বাধা দিয়ে। ফলত ই হার্টএটেকৰ কাৰণ হ’ব পাৰে।
দ্বিতীয়টো কাৰণ হ’ল মানসিক চাপ বৃদ্ধি পালে কর্টিছল হৰ্মনৰ অত্যধিক ক্ষৰণ ঘটে। অতিৰিক্ত কৰ্টিছলে ৰক্তচাপ বৃদ্ধি কৰাৰ উপৰি ধমনীৰ ক্ষতি কৰে। গতিকে মানুহৰ বাবে সামাজিক মিলামিচা অত্যন্ত প্রয়োজন।
কাৰণ সামাজিক মিলামিচাই অক্সিটচিন হৰ্মনৰ ক্ষৰণ বৃদ্ধি কৰে। এই হর্মনে হৃদযন্ত্রক সুৰক্ষা দিব পাৰে। গবেষকসকলে আঙুলিয়াই দিছে যে ইচ্ছা কৰি অকলে থকা আৰু বাধ্যত পৰি অকলশৰীয়া জীৱন কটোৱাৰ মাজত বহু পার্থক্য আছে।
সাধাৰণতে দেখা যায় যে ইচ্ছা কৰি অকলে থকা সকলে অকলশৰীয়া মুহূৰ্তসমূহৰ জীৱন উপভোগ কৰে। ইয়াৰ বিপৰীতে বাধ্যত পৰি অকলশৰীয়া জীৱন কটাবলগীয়া হোৱাসকলৰ বাবে জীৱনৰ প্ৰতিটো মুহূৰ্ত যন্ত্রণাদায়ক হৈ উঠাৰ আশংকা আছে।
এই ক্ষেত্রত সবাতোকৈ লক্ষ্যণীয় দিশটো হ’ল যে সামাজিক মাধ্যমৰ জৰিয়তে এক বৃহৎ জগতৰ স’তে সংযোগ স্থাপন হ’লেও ইয়ে একাকীত্বত ভোগাসকলৰ মনৰ পৰা একাকীত্বৰ ভাব দূৰ কৰিব নোৱাৰিব পাৰে।
গতিকে বাস্তৱ জগতত সামাজিক মিলামিচাত গুৰুত্ব দিয়াৰ প্ৰয়োজন। গৱেষকসকলে লগতে আঙুলিয়াই দিছে যে কর্মসূত্রে অথবা আন কাৰণতেই হওক ঘৰৰ পৰা আঁতৰত বাস কৰা কম বয়সীয়া লোকেও বহু সময়ত নিঃসংগতা অনুভৱ কৰে। এই নিঃসংগতা অনুভৱ কাল অত্যধিক দীঘলীয়া হোৱা স্বাস্থ্যৰ পক্ষে উচিত নহয়।
কেৱল মানসিক দিশতে নহয়, শাৰীৰিক দিশতো অশুভ প্রভাৱ পেলায়। নিঃসংগতা দূৰ কৰাৰ বাবে বন্ধু-বান্ধৱৰ স’তে মন খুলি কথা পতা বা তেনে ধৰণৰ অভ্যাস গঢ়ি তুলিব পাৰে।































