৩০ শতাংশ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত তলাবন্ধৰ পাছত আৰম্ভ হব স্কুল

কৰ’না ভাইৰাছে স্কুলীয়া জীৱনলৈ আনি দিলে সম্পূৰ্ণ নতুন ৰূপ ।এই ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি চলিত তলাবন্ধৰ পাছত মাত্ৰ ৩০ শতাংশহে ছাত্ৰ ছাত্ৰীৰ পুনৰ উপস্থিতিত পুনৰ আৰম্ভ হ’ব দীৰ্ঘদিন ধৰি স্তব্ধ হৈ পৰা বিদ্যালয়ৰ জীৱন ।পুনৰ আৰম্ভ হ’ব ছাত্ৰ ছাত্ৰীৰ বাবে বহুমূলীয়া স্কুলীয়া শিক্ষা ।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰী ড° ৰমেশ পোখৰিয়ালে এই কথা প্ৰকাশ কৰি কয় যে এই সম্পৰ্কত চৰকাৰে প্ৰস্তুত কৰা প্ৰস্তাৱিত গাইডলাইন তেওঁ শিক্ষকসকলক অৱগত কৰিছে। তেওঁ লগতে কয় যে মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা ক’ভিড১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা স্কুলসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদে তলাবন্ধৰ পাছত বিদ্যালয় পুনৰ মুকলিৰ বাবে গাইডলাইন প্ৰস্তুতৰ কাম কৰি আছে। ইতিমধ্যে এই সন্দৰ্ভত যথেষ্টখিনি কাম আগবাঢ়িছে বুলি তেওঁ কয় ।মন্ত্ৰীজনে কয় যে এই ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ অনুসৰি কোনো বিদ্যালয়ত প্ৰাৰ্থনা সভা,আলোচনাচক্ৰ আৰু সমাবেশ সম্প্ৰতি অনুষ্ঠিত হ’ব নালাগে ৷

তদুপৰি বিদ্যালয়সমূহে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে একে সময়তে ৩০ শতাংশ ছাত্ৰ ছাত্ৰছাত্ৰীক উপস্থিত থাকিবলৈ নিৰ্দেশ দিব লাগিব ৷এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যে ছাত্ৰ ছাত্ৰীসকলক অতি বিকল্প দিনত উপস্থিত থাকিবলৈ কোৱা হ’ব নে বিদ্যালয়ত একাধিক শ্বিফট কৰা হ’ব ৷এন চি ই আৰ টিৰ বিষয়াই এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে উক্ত দুটা পদ্ধতিৰ ভিতৰত যিকোনো এটা কৰিব লাগিব।

অৱশ্যে এই পৰ্যন্ত বিদ্যালয় পুনৰ মুকলিৰ দিনৰ ক্ষেত্ৰত চৰকাৰে স্পষ্টকৈ একো কোৱা নাই। দিল্লীত অহা জুলাইত স্কুলবোৰ খোলা হ’ব বুলি কোৱা হৈছে ৷দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই শেহতীয়া এক সাক্ষাৎকাৰত এই আশা প্ৰকাশ কৰিছে ।

ইপিনে পোখৰিয়ালে স্পষ্ট কৰে যে যিসকল শিক্ষকে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ আগন্তুক ১২ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে মূল্যায়নৰ কাম আৰম্ভ কৰিছে তেওঁলোকে অনলাইন শ্ৰেণীত সময় দিব নালাগে ৷

Exit mobile version