ইমানদিনে কোৱা হৈছিল যে হাঁচি-কাহ আদিৰ মাধ্যমেৰে কৰ’না ভাইৰাছ সংক্ৰমিত হয় ।যাৰ বাবে নিৰাপদ দূৰত্বত অৱস্থান কৰা আৰু মাস্ক পৰিধান কৰাৰ বিধি সকলোৱে পালন কৰি আছে ।কিন্ত শেহতীয়া এক গৱেষণাত উঠি আহিছে আন এক চিন্তনীয় তথ্য ।কৰ’নাত সংক্ৰমিত লোকে কথা কোৱা অৱস্থাতো তেওঁৰ মুখৰ পৰা নিৰ্গত হোৱা ড্ৰপলেট বা জনকণাৰ মাধ্যমেৰে আন এজনলৈ ভাইৰাছ সংক্ৰমিত হ’ব পাৰে ।
আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিৰ এক গৱেষণা পত্ৰত এই তথ্য প্ৰকাশ পাইছে ।এই নতুন গৱেষণাত দেখা গৈছে যে উচ্চস্বৰত কথা কোৱাৰ সময়ত মুখৰ পৰা নিৰ্গত হোৱা অতি ক্ষুদ্ৰ জলকণা বা মাইক্ৰ’ড্ৰপলেট বন্ধ স্থানত প্ৰায় ১০মিনিটৰ অধিক সময় বতাহত ভাহি থাকিব পাৰে ।কৰ’না ভাইৰাছ বিয়পাই দিয়াৰ ক্ষেত্ৰত ইয়াৰো যথেষ্ট ভূমিকা আছে বুলিয়ে গৱেষক সকলে ধাৰণা কৰিছে ।
লেলাউটিৰ মাজত কৰ’না ভাইৰাছৰ ঘনত্বৰ কথা মনত ৰাখিয়ে বিজ্ঞানীসকলে অনুমান কৰিছে যে প্ৰতি মিনিটত উচ্চস্বৰত কথা কোৱাৰ ফলত এহেজাৰৰ অধিক ভাইৰাছযুক্ত জলকণা বাহিৰ হ’ব পাৰে ।কোনো বন্ধ স্থানত সেই জলকণা আঠ মিনিট বা তাতকৈ অধিক সময় বতাহত ভাহি থাকিব পাৰে ।ইয়াৰ পূৰ্বে আন এক গৱেষণাত কোৱা হৈছিল যে নিম্নস্বৰত কথা ক’লে মুখৰ পৰা জলকণা তুলনামূলকভাৱে কমকৈ নিৰ্গত হয়।






























