আলু-পিঁয়াজৰ নাটনিৰ সৃষ্টিৰে মূল্যবৃদ্ধিৰ চক্ৰান্ত একাংশ অসৎ ব্যৱসায়ীৰ

519387 vegetables

কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰভাৱত আলু-পিয়াজৰ নাটনি সৃষ্টিৰ তৎপৰতা আৰম্ভ হৈছে মহানগৰীৰ বজাৰত ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৩ মে’ত কামৰূপ জিলা প্ৰশাসনে চাংসাৰিত থকা আলু পিয়াজৰ ৩০ টা গুদাম ছীল কৰাৰ পাছতে এই আশংকা ঘনীভূত হৈছে । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে মহানগৰীৰ ফাঁচী বজাৰৰ আলু গুডামত কৰ্মৰত প্ৰবন্ধক শ্ৰমিককে ধৰি আন কে’বাজনো লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছতে স্বাস্থ্য বিভাগৰ পৰামৰ্শত কামৰূপ জিলা প্ৰশাসনে চাংসাৰিত থকা আলু-পিয়াঁজৰ ৩০ ছীল কৰে ।

যোৱা ১৩ মে’ত জিলা প্ৰশাসনে এই গুডামসমূহ ছীল কৰাৰ পাছৰে পৰা মহানগৰীৰ বজাৰলৈ নতুনকৈ সৰবৰাহ হোৱা নাই আলু পিয়াঁজ ৷ ফলত আলু পিয়াঁজৰ নাটনি সৃষ্টিৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷তদুপৰি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিবলৈ তৎপৰ হৈছে একাংশ ব্যৱসায়ী ৷ এই সন্দৰ্ভত সূত্ৰটোৱে জনোৱা অনুসৰি কামৰূপ জিলাৰ চাংসাৰিত থকা গুদামৰ পৰাই মহানগৰীৰ বজাৰলৈ সৰবৰাহ হয় আলু পিয়াঁজ  ৷ যোৱা ১২ মে’ৰ পৰ্যন্ত যিসকলে খুচুৰা বিক্ৰেতাই আলু পিয়াঁজ সংগ্ৰহ কৰিছে সেই আলু পিয়াঁজে বজাৰত উপলব্ধ হৈছে ৷ মহানগৰীৰ কোনো বেলেগ গুডামত আলু পিয়াঁজ মজুত নাই ।

খুচুৰা বিক্ৰেতাৰ ওচৰত থকা আলু পিয়াঁজ শেষ হোৱাৰ পূৰ্বে পশ্চিমবংগৰ পৰা আমদানিৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাত বহিঃৰাজ্যৰ পৰা ট্ৰাক সোমোৱাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছে ৷ ফলত অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটত কে’বাখনো আলু পিয়াঁজ ভৰ্তি ট্ৰাক আৱদ্ধ হৈ আছে । এই প্ৰসংগত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে অসম পশ্চিমবংগ সীমান্তত আৱদ্ধ হৈ থকা আলু-পিঁয়াজ অহাৰ পাছত ক’ৰ পৰা কিদৰে যোগান নিশ্চিত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হ’ব । ৰাজ্যৰ অন্যান্য প্ৰান্ততো আলু পিঁয়াজ গুদাম আছে বুলিও তেওঁ কয় 19৷

Exit mobile version