ক্ষমা কৰিব,প্ৰতিবন্ধী সন্তানক নিয়াৰ বাবেই আপোনাৰ চাইকেলখন নিলো

migrant 1588399683

দেশত দীৰ্ঘদিনীয়া তলাবন্ধৰ ফলত সবাতোকৈ অধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে জীৱিকাৰ তাড়নাত বহিঃৰাজ্যত থকা শ্ৰমিকসকল ৷ কাম বন্ধ হোৱাৰ বাবে পেটৰ ক্ষুধা নিবাৰণৰ সমস্যা, আকৌ কৰ’নাৰ আতংকত গৃহাভিমুখী হোৱাৰ তাড়না ৷ শতাধিক কিলোমিটাৰ খোজকাঢ়ি অনাহাৰে অনিদ্ৰাই গৃহাভিমুখী হোৱা এনে শ্ৰমিকৰ বাতৰি প্ৰতিদিনেই প্ৰকাশ পাই আছে । ইয়াৰ পাছতো এনে শ্ৰমিকে হেৰুওৱা নাই আত্ম মৰ্যাদা আৰু সততা ৷ শেহতীয়াকৈ ইয়াৰ প্ৰমাণ দিলে উত্তৰ প্ৰদেশৰ এজন শ্ৰমিকে ৷ নিজৰ বিশেষভাৱে সক্ষম সন্তানক নিয়াৰ বাবে এখন চাইকেল চুৰি কৰিও এইজন শ্ৰমিকে পত্ৰৰ জৰিয়তে ক্ষমা প্ৰাৰ্থনা কৰা ঘটনাই সম্প্ৰতি সকলোকে মুগ্ধ কৰিছে ।

উত্তৰ প্ৰদেশৰ পৰা ৰাজস্থানলৈ অহা এই শ্ৰমিকজনে পৰিস্থিতিৰ তাগিদাত বাধ্য হৈয়ে চুৰিকাৰ্যত লিপ্ত হ’বলৈ বাধ্য হৈছিল ৷ কিন্তু তেওঁ বহিঃৰাজ্যত উপস্থিত হৈছিল পৰিশ্ৰম কৰি পেট পূৰাবলৈ চুৰি কৰিবলৈ নহয় । সেয়ে বিবেক দংশনৰ বাবেই ক্ষমা বিচাৰি এখন পত্ৰ এৰি যায় শ্ৰমিকজনে ৷ প্ৰাপ্ত তথ্য অনুসৰি,উত্তৰপ্ৰদেশৰ বেৰেইলিৰ মহম্মদ ইকবাল নামৰ লোকজনে বহুদিনৰ পৰাই ৰাজস্থানৰ ভৰতপুৰত শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল ৷ কিন্তু তলাবন্ধত কাম কাজৰ লগতে উপাৰ্জনো বন্ধ হোৱাত ইকবালে নিজৰ পৰিয়ালৰ ক্ষুধা নিবাৰণৰ দিশত একো বিচাৰি নাপালে ৷ সেয়ে পত্নী আৰু বিশেষভাৱে সক্ষম সন্তানক লৈ খোজকাঢ়িয়ে বেৰেইলিৰ গৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় ।

কিন্তু বিশেষভাৱে সক্ষম সন্তানক নিব কিদৰে? কোনো উপায় বিচাৰি নোপোৱাত ইকবালে ভৰতপুৰৰ ৰাৰহাৰ বাসিন্দা চাহাব সিঙৰ এখন চাইকেল চুৰি কৰি নিজগৃহ অভিমুখে ৰাওনা হয় । অথচ ইকবাল চোৰ নাছিল ।পৰিস্থিতিয়েহে তেওঁক এনে গৰ্হিত কাম কৰিবলৈ বাধ্য কৰাইছিল । সেয়েহে বিবেকৰ দংশনতে তেওঁ চাহাব সিঙৰ উদ্দেশ্য এখন পত্ৰ লিখি থৈ যায় । পত্ৰত ইকবালে লিখিলে” মই বাধ্য হৈয়েই এই কাম কৰিছো ৷ মই আপোনাৰ ওচৰত অপৰাধী ৷ মোৰ লগত প্ৰতিবন্ধী শিশুও আছে । তাক লৈ বেৰেইলিলৈ যাব লাগিব । কোনো ৰাস্তা বিচাৰি নোপোৱাত আপোনাৰ চাইকেল লৈ গ’লো ৷ মোক ক্ষমা কৰিব ৷”

Exit mobile version