কৰ’নাৰ প্ৰকোপত তাল হেৰাইছে ছৌদিৰ অৰ্থনীতিৰ

BN FI333 1102 O H 20141102134813

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈকে তলাবন্ধৰ আলম লৈছে বিশ্বৰ বিভিন্ন দেশে । যাৰ বাবে গাড়ী-মটৰ চলা নাই, ব্যৱসায়, কাম-কাজ বন্ধ হৈ থকাত বিশ্ব অৰ্থনীতিৰো শোচনীয় অৱস্থা । এনে পৰিস্থিতিত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ছৌদি আৰব । বিশ্বত সবাতোকৈ অধিক খাৰুৱা তেল উৎপাদন হয় বাবে ছৌদিৰ মূল ব্যৱসায় হৈছে তেল ৰপ্তানি । কিন্তু দেশখনৰ তেল ৰপ্তানিতো ব্যাপক প্ৰভাৱ পেলাইছে কৰ’না ভাইৰাছে । যিসমূহ দেশে ছৌদিৰ খাৰুৱা তেলৰ বাবে আশা কৰি থাকে, সেইবোৰ দেশেই এতিয়া আগতীয়া সংৰক্ষণ বাতিল কৰিছে । এনে অৱস্থাত বিশাল বিশাল কণ্টেইনাৰ জাহাজত পৰি আছে বিপুল পৰিমাণৰ খাৰুৱা তেল । সংৰক্ষণ বাতিল হোৱাত বিভিন্ন বন্দৰত আবদ্ধ হৈ আছে এই তেল পৰিবাহী জাহাজসমূহ।

পৰিস্থিতি এনে হৈছে যে ছৌদিত এতিয়া নতুনকৈ তেল উৎপাদনো বন্ধ হৈ আছে । ইয়াৰ সমান্তৰালকৈ বন্ধ হৈ আছে বিদেশী মুদ্ৰা অহাৰ পথ। সকলো মিলাই কৰ’নাৰ আক্ৰমণত থৰকাছুটি হেৰুৱাইছে তেল নিৰ্ভৰ ছৌদিৰ অৰ্থনীতিয়ে । এই সংকটৰ পৰিপ্ৰেক্ষিততে প্ৰথমবাৰলৈ ব্যয় সংকোচন বন্ধ কৰি, চৰকাৰী খৰছ হ্ৰাস কৰি আৰু তেল উৎপাদন বন্ধ ৰাখি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছিল যুৱৰাজ মহম্মদ বিন ছলমনে । অথচ ইয়াতো সমস্যাৰ সমাধান হোৱা নাই । ফলত এইবাৰ ৰিয়েল এষ্টেট বিক্ৰী কৰি চৰকাৰী আন্তঃগাঁথনি ৰক্ষাৰ চেষ্টা চলাইছে ধনকুবেৰ ছৌদি ৰাজপৰিয়ালে ।

বিগত প্ৰায় সাত দশকত এই প্ৰথমবাৰলৈ এইধৰণৰ নজিৰবিহীন আৰ্থিক সংকটৰ সন্মুখীন হৈছে দেশখন । তেল-নিৰ্ভৰ অৰ্থনীতি আৰু সাম্ৰাজ্য বাহাল ৰখাই বিগত দুমাহত সবাতোকৈ বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈ পৰিছে । লক্ষ্যণীয়ভাৱে কৰ’না সংক্ৰমণৰ আগৰে পৰাই ছৌদি অৰ্থনীতিৰ বিপদ আৰম্ভ হৈছিল । ৰাছিয়াৰ সৈতে তেল যুদ্ধত লিপ্ত হৈছিল দেশখন। যাৰ বাবে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হো-হোৱাই নামিবলৈ আৰম্ভ কৰে । তদুপৰি ভাৰত আৰু চীনৰ দৰে বৃহৎ ক্ৰেতাৰো অৰ্থনীতি বন্ধ হৈ থকাত এই দুখন দেশেও সাময়িকভাৱে তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰিছে। আফ্ৰিকাৰ দেশসমূহৰ অৱস্থাও তথৈবচ  । এনে অৱস্থাত গভীৰ দুশ্চিন্তাত পৰিছে ছৌদি চৰকাৰ । কিদৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰি, সেই চিন্তা কৰিয়ে এতিয়া চুলি ছিঙিহে ছৌদিৰ শাসক তথা অৰ্থনীতিবিদসকলে ।

Exit mobile version