তলাবন্ধ ৪.০:গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা জাৰি

Lockdown

কৰ’না প্ৰতিৰোধৰ কাৰণে দেশত পুনৰ ৩১ মে’লৈকে তলাবন্ধ ঘোষণা ৷ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে জাৰি কৰে  নিৰ্দেশনা ৷ চাওঁ আহক  দেশৰ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধত কি খোলা থাকিব আৰু কি বন্ধ থাকিব ৷

১.তলাবন্ধ ৪.০ ৰ গৃহমন্ত্ৰ্যালয়ৰ গাইড লাইন

২.ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গাইড লাইন ৷

৩. ইতিমধ্যে প্ৰশাসনে কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা জ’নত কেৱল অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা থাকিব ৷

৪..ৰাজ্যৰ ভিতৰত চলিব বাহন ৷

৫.ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ ৷

৬.কেৱল স্বাস্থ্য সেৱাতহে চলিব বিমান সেৱা।

৭.সীমাবদ্ধ নিয়মেৰে চলিব আন্তঃৰাজ্যিক বাহন ।

৮.সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ সান্ধ্য আইন ৷

৯.৬৫ ৰ উৰ্দ্ধৰ আৰু ১০ বছৰ তলৰ ল’ৰা ছোৱালীৰ যাত্ৰা নিষিদ্ধ ৷

১০.পূৰ্বৰ দৰে বন্ধ থাকিব বিদ্যালয়,মহাবিদ্যালয়,অথবা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান ৷লগতে ছাত্ৰ ছাত্ৰীৰ অন লাইন শিক্ষাসমূহ বাহাল থাকিব।

১১.চিনেমা হ’ল,শ্বপিং ম’ল,সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ,পাৰ্ক,থিয়েটাৰ,বাৰ,অডিটৰিয়ামকে ধৰি তেনেধৰণৰ ৰাজহুৱা অনুষ্ঠানসমূহ বন্ধ থাকিব ৷

১২.সকলো ধৰ্মৰ উপাসনাস্থলীসমূহো জনসাধাৰণৰ কাৰণে বন্ধ থাকিব ৷

Exit mobile version