দলীয় বিধায়কৰ কাম কাজৰ মূল্যাংকন কৰিবলৈ নিৰ্দেশ জে পি নড্ডাৰ

JP Nadda

ক’ভিড-১৯ ক লৈ তৎপৰতাৰ সমান্তৰালভাৱে দলীয় ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে বি জে পিয়ে ৷  দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই অসমৰ দল চৰকাৰৰ নেতৃবৃন্দক সতৰ্ক কৰি দিয়ে যে চলিত সমস্যাৰ নামত যাতে কোনেও দলৰ  প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পাহৰি নাযায় । ৰাজনৈতিক তৎপৰতাৰ অংশৰূপে নড্ডাই অসমত আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন নিৰ্বাচনবোৰৰ বিষয়েও বুজ লয়  ৷ উল্লেখযোগ্য যে ৰাজ্যত চলিত বৰ্ষৰ ভিতৰত ইতিপূৰ্বে স্থগিত ৰখা বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনকে ধৰি পৌৰ নিৰ্বাচননো অনুষ্ঠিত হ’ব ৷

তদুপৰি এবছৰ পাছত অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নড্ডাই দল চৰকাৰৰ নেতৃত্বক দলীয় বিধায়কসকলৰ কাম কাজ পৰ্যালোচনা কৰাৰ নিৰ্দেশ দিছে ৷ তদুপৰি ৰাজ্যৰ ১২৬ টা সমষ্টিৰ কাম কাজো পৰ্যালোচনা কৰাৰ নিৰ্দেশ দিয়ে৷ এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দৈনিক অগ্ৰদূতৰ আগত কয় যে সভাপতিজনে  প্ৰতিজন বিধায়কৰ কামৰ মূল্যায়ন কৰিবলৈ কোৱাৰ লগতে সমষ্টিবোৰত দলীয় কামৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে ৷ আলোচনাত নড্ডাই অসমৰ সভাপতি দাসৰ পৰা দলৰ সংগঠন তথা সাংগঠনিক কাম কাজ বুজ লোৱাৰ লগতে চৰকাৰৰ পৰা কৰ’না প্ৰতিৰোধ চিকিৎসা আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লয় ৷

আনহাতে কৰ’না প্ৰতিৰোধ চিকিৎসা আৰু ইয়াৰ লগত জড়িত আনুষংগিক বিষয়বোৰৰ সন্দৰ্ভত সভাপতিজনক অৱগত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে সমসাময়িক ৰাজনৈতিক পৰিবেশ সন্দৰ্ভতো আলোচনা হয় ৷

প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ আহ্বান সমাজৰ একেবাৰে শেষৰজন লোকলৈ লৈযোৱাৰ পৰামৰ্শ আগবঢ়াই ৷একেদৰে ২০ লক্ষ কোটি টকাৰ পেকেজৰ বিষয়টোও চৰ্চিত হয় ৷সম্প্ৰতি সমগ্ৰ দেশত কৰ্মসংস্থান হেৰুৱাই ঘৰমুৱা হোৱা লাখ লাখ শ্ৰমিকৰ বিষয়টোৱে ব্যাপক বিতৰ্ক আৰু চৰকাৰৰ বাবে জটিলতাৰ সৃষ্টি কৰিছে ৷

নড্ডাই তেনে শ্ৰমিকক চৰকাৰৰ তৰফৰ পৰা সহায় কৰিবলৈ কোৱাৰ লগতে দলীয় কৰ্মীকো সহায় সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায় ৷একে সময়তে তলাবন্ধৰ সময়ত কোনো দলীয় কৰ্মী সংকটত পৰিলে তেওঁলোকক সহায়ৰ পৰামৰ্শ দিয়ে।

Exit mobile version