অন্যান্য দিশৰ সমান্তৰালকৈ মহামাৰী কৰ’নাই প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষতো । ইয়াৰ মাজতে আজি চি বি এছ ইয়ে ঘোষণা কৰিলে পৰীক্ষাৰ দিন ৷
ADVERTISEMENT
- দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ঘোষণা চি বি এছ ইৰ ৷
- দশম আৰু দ্বাদশ শ্ৰেণীৰ ২৯ টা পৰীক্ষা অনুষ্ঠিত হ’ব জুলাই ১ ৰ পৰা ১৫ লৈকে ।
- কৰ’না ভাইৰাছৰ কাৰণে চি বি এছ ইয়ে অনুষ্ঠিত কৰিব পৰা নাছিল পৰীক্ষাসমূহ ৷
- ইপিনে পৰীক্ষা দিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে লগত নিব লাগিব ছেনিটাইজাৰ ৷ লগতে ছাত্ৰ ছাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
- ১ জুলাইত অনুষ্ঠিত হ’ব সমাজ বিজ্ঞানৰ পৰীক্ষা ৷
- ক’ভিড১৯ক প্ৰতিৰোধ কৰাৰ কাৰণে সমগ্ৰ দেশত দিয়া তলাবন্ধৰ কাৰণে বিদ্যালয় মহাবিদ্যালয়ক বন্ধ দিছিল চৰকাৰে ৷ফলত চি বি এছ ইৰ পৰীক্ষা বাতিল কৰিছিল বিভাগে ৷
- উল্লেখযোগ্য যে ইণ্ডিয়ান ইনষ্টিটিউটত অৱ টেকন’লজিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ প্ৰাকমুহূৰ্ততেই চি বি এছ ইৰ ফলাফল আগষ্ট মাহতেই ঘোষণা কৰা হ’ব ৷