মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশ্ব স্বাস্থ্য সংস্থালৈ সকীয়নি

200311210846 02 trump oval office address 0311 exlarge 169

কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে চৰ্চাত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাক পত্ৰ লিখি সকীয়নি দিলে ট্ৰাম্পে । বিশ্ব স্বাস্থ্য সংস্থাক ৩০ দিনৰ সময় দি ট্ৰাম্পে কয় যে সময় থাকোতেই সজাগ আৰু সতৰ্ক হওক ৷ নহ’লে আমেৰিকাৰ পৰা দিয়া ফ’ণ্ড স্থায়ীৰূপে বন্ধ কৰি দিয়া হ’ব ৷ লগতে আমেৰিকাৰ সংগঠনৰ সদস্য হোৱাৰ ওপৰতো পুনৰ বিবেচনৰ কৰিবলৈ বাধ্য হ’ব ট্ৰাম্প ।

ইয়াৰ পূৰ্বে ট্ৰাম্পে হোৱাইট হাউচতো বিশ্ব স্বাস্থ্য সংস্থাৰ সমালোচনা কৰি কৈছিল যে হু চীনৰ হাতৰ পুতলা । আমেৰিকাই হুক ৪৫০ মিলিয়ন ডলাৰ প্ৰদান কৰে । গতিকে এই টকাৰ পৰিমাণ সীমিত কৰিবলৈ চেষ্টা কৰাৰ কথা ঘোষণা কৰে ট্ৰাম্পে । ইফালে এই সমগ্ৰ অভিযোগ খণ্ডন কৰিছে চীনৰ বৈদেশিকমন্ত্ৰী ঝাঅ’ লিজিয়ানে । ট্ৰাম্পৰ পত্ৰখনৰ সন্দৰ্ভত ঝাওয়ে কয় য” আমেৰিকাৰ এই অভিযোগ ভিত্তিহীন । লগতে জনতাক পথভ্ৰষ্ট কৰি চীনক বদনাম কৰিব বিচাৰিছে আমেৰিকাই । কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিব নোৱাৰি চীনক সমালোচনাৰ লক্ষ্য কৰি লৈছে আমেৰিকাই ৷ কাৰণ এতিয়াও আমেৰিকাত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱা নাই ৷ সাম্প্ৰতিক সময়ত আমি কৰ’নাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ কৰাৰ সময় । গতিকে আমেৰিকাৰ ৰাজনৈতিক নেতা সকললৈ আহ্বান  অভিযোগ একাষৰীয়া কৰি সকলো একত্ৰিত হৈ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়ক ৷”

Exit mobile version