সোণাপুৰ মালয়বাৰীৰ বড়ো ধানৰ পথাৰত মুখ্যমন্ত্ৰী সোণোৱাল

Sarbananda Sonowal Contact Details

তলাবন্ধৰ সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ মালয়বাৰী হীৰাপাৰাত উপস্থিত হৈ অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়।

■ ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলৰ মাজত বিতৰণ কৰা ধান চপোৱা যন্ত্ৰৰ কৰ্মপদ্ধতিৰ বুজ লৈ কয় যে তলাবন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ কৃষক আৰু কৃষি উদ্যোগীসকলে দেশৰ বিভিন্ন প্ৰান্তলৈ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি ৩৫৭ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

■ ৰাজ্যখনৰ কৃষকসকলৰ মাজত কৃষি বিভাগে প্ৰতি বছৰৰ অক্টোবৰ মাহৰ ভিতৰতে মানসম্পন্ন বীজ যোগান ধৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ দৰে ‘মেক ইন আসাম’ পদক্ষেপৰো মুখ্যমন্ত্ৰীয়ে পোষকতা কৰাৰ লগতে প্রধানমন্ত্রীৰ লোকেল ভকেল গ্লবেল আহ্বানৰ প্ৰতিও সকলোকে আন্তৰিকতাৰে সহযোগ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান।

■ ডিমৰীয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা জৈৱিক উদ্যান শস্যৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰে।

Exit mobile version