আজি অৰ্থাৎ ২০মে’ৰ পৰা বিদেশীৰ বাবে মুকলি হ’ব তুৰস্কৰ স্বাস্থ্য পৰ্যটন ক্ষেত্ৰ

13ac03d50990a98b5b5076b131e6e95e

ক্ৰমে স্বাভাৱিক অৱস্থাৰ অভিমুখে আগবাঢ়িছে তুৰস্ক । কৰ’নাৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ দুয়োটাই হ্ৰাস পাইছে তুৰস্কত । সেয়েহে দেশখনত ক্ৰমান্বয়ে অৰ্থনৈতিক খণ্ডক পূৰ্বৰ অৱস্থালৈ ওভটাই নিয়াৰ সেউজ সংকেত দিয়া হৈছে । দেশখনত এতিয়া প্ৰথম পৰ্যায়ত ‘স্বাস্থ্য পৰ্যটন’ক্ষেত্ৰ পুনৰ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে । কিন্তু স্বাস্থ্য পৰ্যটনৰ বাবে আহিবলগীয়া লোকসকলে তুৰস্কত প্ৰৱেশৰ পূৰ্বে নির্দিষ্ট কে’বাটাও চৰ্ত পূৰণ কৰিব লাগিব । তুৰস্কত প্ৰৱেশৰ পূৰ্বে বিদেশীসকলে ‘আইছ’লেছনৰ বহু নীতি-নিয়ম পূৰ্ণ কৰাৰ লগতে এবাৰত সৰ্বোচ্চ তিনিজনহে প্ৰৱেশ কৰিব পাৰিব । বিদেশী সকলৰ এজন যদি ৰোগী হয় তেন্তে লগত আৰু দুজনক নিব পাৰিব । স্বাস্থ্য পৰ্যটনৰ বাবে অহাসকলে ক’ভিড-১৯ৰ পৰীক্ষাৰ মাজেৰেহে দেশখনত প্ৰৱেশ কৰিব পাৰিব ।

যদি নিজ দেশত ক’ভিড-১৯ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা থাকে তেনেহ’লে ৰোগী তথা লগত আহিবলগীয়া দুজনে তুৰস্কত প্ৰৱেশৰ ৪৮ ঘণ্টাৰ পূৰ্বৰ স্বাস্থ্য প্ৰতিবেদন লগত আনিব লাগিব । এই ক্ষেত্ৰত ক’ভিড -১৯ৰ ‘নিগেটিভ’প্ৰতিবেদন থকা সকলেহে তুৰস্কত প্ৰৱেশৰ অনুমতি লাভ কৰিব । বিদেশী সকলে দেশখনত প্ৰৱেশৰ পূৰ্বেই স্বাস্থ্য পৰীক্ষা কৰাবলগীয়া তুৰস্কৰ নিৰ্দিষ্ট চিকিৎসকজনৰ পৰা ‘এপয়েন্টমেণ্ট’গ্ৰহণ কৰিব লাগিব । তুৰস্কত প্ৰৱেশৰ পাছত ৰোগীকে ধৰি তিনিওজনে পোনপটীয়াভাৱে নিৰ্দিষ্ট হাস্পতালখনলৈ যাব লাগিব । হাস্পতালতে আটাইকেইজনৰ থকাৰ ব্যৱস্থা কৰা হ’ব।বিশ্বৰ ৩১খন দেশৰ ৰোগীয়ে আজি অৰ্থাৎ ২০ মে’ৰ পৰা তুৰস্কত স্বাস্থ্য সেৱা গ্ৰহণ কৰিব পাৰিব । এই দেশ বিলাকৰ মাজত আছে ইৰাক, লিবিয়া, আজাৰবাইজান, জৰ্জিয়া, তুৰ্কমেনিস্তান, উজবেকিস্থান, কাজাখাস্তান, গ্ৰীচ, ইউক্ৰেইন, ৰাছিয়া, জিবুতি, আলজেৰিয়া, কছভো, মেচিডনিয়া, আলবেনিয়া , বছনিয়া আৰু হাৰ্জেগ’ভিনা, ৰোমানিয়া , ছাৰ্বিয়া, বুলগেৰিয়া, মলদোভা, চোমালিয়া, কুৱেট, কাটাৰ ,বাহেৰেইন, ওমান, জাৰ্মানী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, নেদাৰলেণ্ড, পাকিস্তান, কিৰগিস্তান আৰু চাইপ্ৰাছ । শেহতীয়া কেইটামান বৰ্ষৰ পৰা স্বাস্থ্য পৰ্যটনে আকর্ষণীয় পৰ্যায় লাভ কৰিছে তুৰস্কত।

Exit mobile version