- কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ কাৰণে দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে বহু লোক ৷ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ নিজ ৰাজ্যত উপস্থিত হ’বলৈ গৃহমন্ত্ৰ্যালয়ৰ এক বিশেষ শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰিছে।
- বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ কাৰণে দেশত ১৭৭৩ খন ৰেলৰ ব্যৱস্থা ৷
- প্ৰায় ২৩.৫ লাখ লোকে নিজৰ ঘৰলৈ যাত্ৰা কৰিব পাৰিব ৷
- ইপিনে মংগলবাৰে ২০৫ খন ৰেলৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা ২.৫ লাখ লোকে নিজৰ ৰাজ্যলৈ যাত্ৰা কৰে ৷
- ১৭৭৩ খন ৰেল অন্ধ্ৰপ্ৰদেশ, বিহাৰ, চণ্ডীগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা আদিলৈ যাত্ৰা কৰিব ৷
- আৱদ্ধ হৈ থকা লোকসকলৰ যাত্ৰাৰ সময়ত সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ লগতে যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য আৰু খোৱা-পানী যোগান ধৰা হয় ।
ADVERTISEMENT