পাটকাইৰ প্ৰস্তাৱিত কয়লা খননস্থলী পৰিদৰ্শন এ জে ৱাই চি পিৰ কেন্দ্ৰীয় সমিতিৰ

WhatsApp Image 2020 05 21 at 7.20.19 PM

কেন্দ্ৰীয় চৰকাৰৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ লেখাপানী থানাৰ অন্তৰ্গত মুক্ত কয়লাখননৰ বাবে প্ৰস্তাবিত বুলি শেহতীয়াকৈ চৰ্চা হোৱা এলেকা চালেকি বস্তিত আজি পৰিদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ে। প্ৰস্তাৱিয় ভূমিত উপস্থিত হৈ প্ৰায় অৰ্ধশতাধিক সদস্যই পাটকাই পাহাৰ সুৰক্ষাৰ বাবে বিভিন্ন লেখা ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অৱস্থিত এই চালেকি বস্তিত শেহতীয়াকৈ ৯৮.৫৯০ হেক্টৰ চিৰ সেউজীয়া পাহাৰ ভূমি কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক খননৰ কৰ্তৃত্ব প্ৰদান কৰিছে বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পাছত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে অসমৰ বৌদ্ধিক সমাজ।

এই পাহাৰাঞ্চলত খনন চলোৱাৰ ফলত ঐতিহাসিক পাটকাই পাহাৰ এলেকাত পৰিৱেশ ধ্বংস হোৱাৰ আকাংক্ষা প্ৰকাশ হৈছে। এনে এখন ইতিহাস অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খননৰ অনুমতিত প্ৰদান কৰা বুলি চৰ্চা হৈছে সেই সম্পৰ্কে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটি সজাতি দলে খনন স্থলী পৰিদৰ্শন কৰাৰ লগতে এক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰে লোৱা সিদ্ধান্তক বাতিল কৰিবৰ বাবে দাবী জনাইছে।অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে কেন্দ্ৰীয় নেতৃবৃন্দই।

Exit mobile version