প্ৰসংগঃ আমপান

Modi coronavirus speech

পশ্চিমবংগত “আমপান”ঘূণী বতাহে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতেই শুক্ৰবাৰে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷বুধবাৰে আমপান” ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনত প্ৰায় ৭২ জন লোকৰ মৃত্যু হয়। ইয়াৰোপৰি হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে ৷এই প্ৰসংগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ সংহাৰী দৃশ্যৰ বিষয়ে কয় ” মই প্ৰধানমন্ত্ৰী মোদীক আহ্বান কৰিছো যে তেওঁ এবাৰ পশ্চিমবংগত উপস্থিত হৈ ইয়াৰ দৃশ্য এবাৰ চাওঁক ৷”

মমতা বেনাৰ্জীৰ এই আহ্বানৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগলৈ যোৱাৰ সিদ্ধান্ত লয় আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে “পশ্চিমবংগত হোৱা ধুমুহাৰ প্ৰতিটো খবৰ মই ৰাখিছো ৷সমগ্ৰ দেশ পশ্চিমবংগৰ লগত আছে ৷ৰাজ্যখনৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰা হ’ব ৷

উল্লেখযোগ্য যে পশ্চিমবংগৰ কলকাতা চহৰতে এই মহাঘূৰ্ণীৰ গতিবেগ আছিল ঘন্টাত  ১৩৩ কিলোমিটাৰ ৷বিগত ৫০ বছৰৰ ভিতৰত সবাতোকৈ বৃহৎ দুৰ্যোগৰ মুখামুখি হৈছে কলকাতা ৷বিভিন্ন ভিডিঅ’ আদিত প্ৰকাশিত দৃশ্য অনুসৰি কলকাতাৰ ঠায়ে ঠায়ে বিদ্যুতৰ ট্ৰান্সফৰ্মাৰ ভয়াৱহৰূপত বিস্ফোৰিত হয় ৷প্ৰচণ্ড বৰষুণ আৰু তীব্ৰবেগী বতাহে বহু গছ উভালি পেলায় ,ৱাল আদি ভাঙি পেলায়। ইপিনে ঘন্টাত ১৮৫ কিলোমিটাৰ বেগত পশ্চিমবংগৰ দিশে অগ্ৰসৰ হোৱা মহাঘূৰ্ণী “আমপান”ক লৈ বিগত কে’বাদিনো ধৰি ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে ৷

Exit mobile version