মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sarbananda Sonowal Contact Details

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷বানপানীৰ সময়ত অনাময় ব্যৱস্থা সংলগ্ন আশ্ৰয় কেন্দ্ৰ তথা সামূহিক ভৱন নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷

মাজুলীৰ আঁহতগুৰিত আয়োজন কৰা এক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ লগতে সোনোৱালে কয় যে , বানপানীৰ সময়ত বান পীড়িত অঞ্চলসমূহত জনসাধাৰণে যাতে নিৰাপদে আশ্ৰয় গ্ৰহণ কৰিব পাৰে সেই দিশত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰে ৷ক’ভিড ১৯ সমান্তৰালভাৱে বানপানীৰ সময়ত ল’বলগীয়া ব্যৱস্থাৰাজিৰ কামসমূহত ত্বৰান্বিত কৰাৰ বাবেও ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে ৷

উল্লেখযোগ্য যে ২০১৯-২০ বৰ্ষত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে আঁহতগুৰি গাঁৱ পঞ্চায়তত ১৫ খন আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তত ৭ খন চাপৰিক অনাময় ব্যৱস্থা সংলগ্ন আশ্ৰয় কেন্দ্ৰ তথা সামূহিক ভৱন নিৰ্মাণৰ আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব ৷মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত প্ৰতিটোৰ বাবে ১০.৭৭ লাখ টকাকৈ ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া এই ২২ টা আশ্ৰয় কেন্দ্ৰ তথা সামূহিক ভৱন নিৰ্মাণত মুঠ ২.৩৬৯৪ কোটি টকা ব্যয় কৰা হ’ব ৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৯.৯৭ লাখ টকাকৈ ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত আঁহতগুৰি গাঁও পঞ্চায়তৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয় আৰু ২ নং চেঙেলিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ গৃহৰ মেৰামতিৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰাৰ লগতে আঁহতগুৰিৰে বৰুৱাচুক নামঘৰৰ নিৰ্মাণৰ বাবেও “আনটাইড ফাণ্ড”অধীনত ৩.৭৫ লাখ টকাৰ অনুমোদন আগবঢ়াই ৷আজিৰ এই অনুষ্ঠানত সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা,প্ৰদান বৰুৱাৰ লগতে মৃণাল শইকীয়া,বিমল বৰা,ভবেন ভৰালী, মাজুলী জিলাৰ উপায়ুক্ত আৰু গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল।

Exit mobile version