দেশজুৰি চলি থকা তলাবন্ধৰ মাজতে অসমৰ সাতখন তৈলক্ষেত্ৰ বহিৰাগত ব্যক্তিগত কোম্পানীক গতাই দিয়া আৰু দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খননৰ অনুমতি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ একাংশ দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি গৰ্জি উঠাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷
আনহাতে দিহীং পাটকাইত হাত নিদিবলৈ সতৰ্ক কৰি দি অন্যথা পৰিণাম ভোগ কৰিব লাগিব বুলি সতৰ্ক কৰি দিছে সংযুক্ত মুক্তি বাহিনী অসম(স্বা) য়ে। মাথোঁ সেয়ে নহয় অসমৰ তৈলক্ষেত্ৰ অধিগ্ৰহণ কৰিবলৈ অহা বহিৰাগত কোম্পানীয়ে সংগঠনটোৰ সশস্ত্ৰ প্ৰতিৰোধৰ সন্মুখীন হ’ব বুলিও সকীয়াই দিছে ।একেদৰে তাই আহোম যুৱ পৰিষদ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে আছু আৰু মটক যুৱ ছাত্ৰ সন্মিলনে মানৱ শৃংখল কাৰ্যসূচীৰে বিৰোধিতা কৰি ইয়াৰ অনুমোদন বাতিলৰ দাবী জনায়।
আনহাতে নিখিল ভাৰত ছাত্ৰ সন্থা চমুকৈ আইছাই আজি দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰীলৈ তিনিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷দিহিং পাটকাইত হাত নিদিব,অন্যথা পৰিণাম ভোগ কৰিব লাগিব৷ এই ভাবুকি সংযুক্ত মুক্তি বাহিনী অসমৰ ৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন দ্বীপ অসমে কয়” জাতীয় অৰ্থনীতি স্থিতি শক্তিশালী কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তা ঋণাত্মক দৃষ্টিৰে গ্ৰহণ কৰা নাই ৷কিন্তু অসমৰ জাতীয় সম্পদ তৈলক্ষেত্ৰসমূহ বহিৰাগতক হস্তান্তৰ কৰাক সমৰ্থন নকৰো ৷
তাৰ বিৰুদ্ধে অসমপ্ৰেমী থলগিৰীৰ সহযোগত সৰ্বাত্মক সশস্ত্ৰ প্ৰতিৰোধ গঢ়িবলৈ বদ্ধপৰিকৰ ৷ ইফালে তলাবন্ধৰ মাজতে দিহিং পাটকাই বৰ্ষাৰণ্যৰ মাজত কয়লাৰ মুক্ত খনন আৰু সাতখন তৈলক্ষেত্ৰ বহিৰাগত কোম্পানীক দিয়াৰ বিৰোধিতাৰে তিনিচুকীয়া জিলা আছু আৰু তিনিচুকীয়া মটক যুৱ ছাত্ৰ সন্মিলনীয়ে যুটীয়াভাৱে তিনিচুকীয়া বৰগুৰি বাইপাছ চাৰিআলিত পথৰ দুয়োকাষে সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷






























