কৰ’না ভাইৰাছৰ মডেল সাজিলে মটৰ চাইকেলৰ পেলনীয়া যন্ত্ৰাংশৰে

IMG 20200522 124132

কৰ’না ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত অনেকেই বিভিন্ন ধৰনেৰে ব্যৱহাৰ কৰিছে । মঙলদৈ চহৰৰ চিলাৰায় বজাৰৰ ‘ডিয়া এণ্টাৰপ্ৰাইজ’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী তথা মটৰ চাইকেল মেকানিক পৰিমল সৰকাৰে তলাবন্ধৰ সময়ছোৱাত ঘৰতে আবদ্ধ হৈ থাকিলেও উক্ত সময়ক সদব্যৱহাৰত কৃপণালি কৰা নকৰিলে । তাৰেই ফলশ্ৰুতিত পৰিমলৰ হাতৰ পৰশত সৃষ্টি হৈছে কৰ’না ভাইৰাছৰ মডেল । এই মডেল সাজোতে ব্যৱহাৰ হৈছে মটৰ চাইকেল গেৰেজত পেলনীয়া হিচাপে ৰোৱা বিভিন্ন সা-সামগ্ৰী ।

পৰিমলে ইতিমধ্যে পেলনীয়া টায়াৰ, টিউব, স্বক এবজৰ্ভাৰ, চেইন, চেইন স্প’কেট আদিৰে নিৰ্মাণ কৰিছে পৃথিৱী, মেক ইন ইণ্ডিয়া, ইণ্ডিয়া গেট, অসমৰ মানচিত্ৰ, বিহুৰ জাপি, মহাত্মা গান্ধীৰ পূৰ্ণাংগ মূৰ্তি, যঁতৰত সূতা কাটি থকা গান্ধীজী, মিছাইল টেংক আৰু বহু দৃষ্টিনন্দন আৰ্হি। শেহতীয়াভাৱে দীৰ্ঘদিন ধৰি স্বগৃহত আবদ্ধ হৈ থকা সময়ছোৱাত পৰিমলে সঠিক ব্যৱহাৰত নতুবা নতুন কিবা সৃষ্টি কৰাৰ বাবে ব্যগ্ৰ হৈ আছিল। অৱশেষত পৃথিৱী আৰু কৰ’না কৰ’না ভাইৰাছৰ মডেল নিৰ্মাণ কৰিবলৈ সক্ষম হৈ পৰম শান্তি লাভ কৰিছে বুলি দৈনিক অগ্ৰদূত’ক কয়। এই কাৰ্যত পত্নী সান্তনা সূত্ৰধৰ সৰকাৰৰ উপৰি দুই এজন শুভাকাংশীয়ে উৎসাহ যোগায়।

Exit mobile version