ভাৰত নেপালৰ সংঘাতৰ আঁৰত চীনৰ হাত?

Image

ভাৰতৰ অতি পুৰণি প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰ হিচাপে ইমানদিনে পৰিচিত হৈ অহা নেপালে শেহতীয়াভাৱে ভাৰত বিৰোধী ভূমিকা গ্ৰহণ কৰিছে  ৷ শেহতীয়াভাৱে নেপালে ভাৰতৰ একাধিক স্থানক নিজ দেশৰ মানচিত্ৰত অন্তৰ্ভুত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নেপালে দেশখনৰ এখন বিবদিত মানচিত্ৰ অলপতে প্ৰকাশ কৰে আৰু এই মানচিত্ৰত ভাৰতৰ তিনি স্থান নেপালে নিজৰ বুলি দাবী কৰে । নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱা ভাৰতৰ এই তিনি স্থান হৈছে উত্তৰাখণ্ড লিপুলেখ, কালাপানী আৰু লিংপিয়া ধুৰা৷ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দাবী কৰা মতে, এই তিনি অঞ্চল দেশখনে যিকোনো প্ৰকাৰে নিজৰ দখলত ল’ব আৰু এই ক্ষেত্ৰত ভাৰত ক্ষুদ্ৰ হ’লেও তেওঁলোকৰ উপায় নাই ।

ভাৰতে নেপালৰ এই দাবীৰ তীব্ৰ বিৰোধিতা কৰি ইতিমধ্যে উত্তৰাখণ্ডৰ উক্ত তিনি স্থান নেপালৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো ঐতিহাসিক তথ্য প্ৰমাণ নাই বুলি স্পষ্ট কৰি দিছে  ৷ কিন্তু নেপালে কিয় হঠাতে ভাৰতৰ অধীনষ্ঠ অঞ্চল এইদৰে নিজৰ বুলি দাবী কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে  ৷ একাংশ আন্তৰ্জাতিক কূটনৈতিক বিশ্লেষকে ভাৰত নেপালৰ শেহতীয়া সীমা সংঘাতৰ আঁৰত চীনৰ হাত জড়িত আছে বুলি সন্দেহ কৰিছে ৷ নেপালে প্ৰকাশ কৰা নতুন মানচিত্ৰখন প্ৰকৃততে চীনে প্ৰস্তুত কৰা বুলিও এইসকল বিশ্লেষকে ধাৰণা কৰিছে ৷ দৰাচলতে কৰ’নাৰ সংক্ৰমণক লৈ বিশ্বজুৰি চীন ৰোষৰ বলি হৈছে  ৷ চীনত থকা বহু বিদেশী প্ৰতিষ্ঠানে বিনিয়োগৰ বাবে চীনৰ পৰিৱৰ্তে এতিয়া ভাৰতক অগ্ৰাধিকাৰ দিবলৈ যো জা চলাইছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনে ভাৰতক অস্থিৰ কৰিবলৈ কূট-কৌশল হিচাপে নেপালক প্ৰৰোচিত কৰা বুলি ধাৰণা কৰা হৈছে ৷ মূলতঃ চীনৰ হস্তক্ষেপ আৰু কুমন্ত্ৰণাতে নেপালৰ প্ৰধানমন্ত্ৰী অলিয়ে হঠাতে ভাৰতৰ তিনি অঞ্চল নিজ দেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে বুলি কূটনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে ৷

Exit mobile version