Maharashtra:
মহাৰাষ্ট্ৰৰ প্রাক্তন মুখ্যমন্ত্রী আৰু শিৱসেনা থাকৰে গোটৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে স্পষ্টভাৱে ক’লে যে তেওঁ বিজেপিৰ স’তে ভৱিষ্যতে কেতিয়াও কোনো ৰাজনৈতিক বুজাপৰা নকৰে।
ADVERTISEMENT
সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত থাকৰেয়ে ক’লে, ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মোক ‘নকল সন্তান’ আৰু শিৱসেনাক ‘নকল শিৱসেনা’ বুলি কয়। এনে এজন ব্যক্তিৰ নেতৃত্বত থকা এনডিএলৈ মই কেতিয়াও প্রত্যৱৰ্তন নকৰো।’
উল্লেখ্য যে অলপতে এক সাক্ষাৎকাৰত মোদীয়ে কৈছিল, ‘উদ্ধৱ থাকৰে মোৰ শত্রু নহয় আৰু যদি কোনো সংকট উপস্থিত হয় তেন্তে মই সবাতোকৈ প্রথমে তেওঁক সহায় কৰিবলৈ দৌৰি যাম।’






























