মাজুলীৰ মৃৎ আৰু নৌকা শিল্প

20191231 152054

মাজুলী জিলাৰ শালবাৰীৰ জীৱন জীৱিকাৰ একমাত্ৰ ভৰসা মৃৎ শিল্প আৰু নৌকা শিল্প ৷ বৰ্তমান কষ্টসাধ্য সকলো উৎপাদন চকুৰ আগত নিঃশেষ হোৱাৰ দৃশ্য চাই কেৱল হা-হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিছে শালমৰাবাসীয়ে । ক’ভিড-১৯ ৰ ফলত বিশ্বৰ লগতে মাজুলী জিলা স্তব্ধ হোৱাত হেৰাই যোৱাৰ উপক্ৰম হৈছে মৃৎ শিল্পৰ ব্যৱসায় আৰু নাও নিৰ্মাণ কৰি পেটৰ ভাত মোকলোৱা জীৱন জীৱিকা ৷ অক্টোবৰ, নবেম্বৰত খৰালি আৰম্ভ হোৱাৰ লগে লগে কুমাৰে মাটি সংগ্ৰহ কৰি জানুৱাৰী ফ্ৰেব্ৰুৱাৰী মাহলৈ কলহ টেকেলি প্ৰস্তুত কৰি, বিক্ৰী কৰিবলৈ সাজু কৰে মাজুলীৰ মৃৎ শিল্পীসকলে । কিন্তু তলাবন্ধৰ কাৰণে এইবছৰ শালমৰাৰ প্ৰায় পাঁচশ পৰিয়ালৰ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে ৷

ইফালে ইতিমধ্যে প্ৰবল বৰষুণ, ধুমুহাই মাটিৰ পাত্ৰসমূহৰ অধিকাংশই ধ্বংস হোৱাত চকুৰ পানীৰে বাট নেদেখা হৈছে এইসকল লোকৰ ৷ গতিকে শালমৰা অঞ্চলত যুগ যুগ ধৰি পৰম্পৰাগত ভাৱে নাও নিৰ্মাণ কৰা স্থানীয় উদ্যোগটোৰ শিল্পীসকলৰ ভৱিষ্যতৰ বাবে ভীক্ষাৰ জোলোঙা লোৱাৰ বাহিৰে গত্যন্তৰ নাই ৷ আনহাতে চৰকাৰে আগবঢ়োৱা সাহায্যৰ পৰা বঞ্চিত হৈছে এনে বহুসংখ্যক পৰিয়াল ৷ ভুক্তভোগী লোকসকলৰ মতে,নৌকা বনিজৰ বাবে সময়ৰ অনুমতি পালেই অধিকাংশ মাটিৰ পাত্ৰৰ লগতে নাওসমূহ দক্ষিণপাৰলৈ বিক্ৰীৰ বাবে নিব পাৰিব বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে এই শিল্প কৰ্মৰ পুনৰোদ্ধাৰৰ বাবে চৰকাৰে লোৱা উদ্যোগ নীতিৰ আওতাত মৃৎ শিল্প আৰু নৌকা শিল্পক আনিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাইছে শালবাৰীবাসীয়ে ।

Exit mobile version