বিশ্বৰ ১৩শতাংশ সংগ্ৰহালয় সম্পূৰ্ণভাৱে বন্ধ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে।কৰ’নাৰ নেতিবাচক প্ৰভাৱতে এই আশংকাৰ উদ্ৰেক হৈছে । কৰ’না সংকটৰ বাবে ইতিমধ্যে বিশ্বৰ ৯০ শতাংশ সংগ্ৰহালয় বন্ধ হৈ আছে । ইউনেস্ক’ৰ এটি সমীক্ষাত এই আশংকাৰ কথা স্পষ্ট কৰা হৈছে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সন্ত্ৰাসত সমগ্ৰ বিশ্ববাসীয়ে প্রমাদ গণিবলগীয়া হৈছে । এই সংক্ৰমণৰ ফলত প্ৰাণহানিৰ সমান্তৰালভাৱে বিশ্বৰ অৰ্থনীতি এতিয়া মন্দাৱস্থাৰ দিশে আগবাঢ়িছে । এনে সময়ত প্ৰতিখন দেশৰ চৰকাৰে সংগ্ৰহালয়ৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিব বিচৰা নাই । ফলত বহু সংখ্যক সংগ্ৰহালয় যে পুনৰ খুলিব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে ।
বৰ্তমান কৰ’না সংক্ৰমণৰ ফলত বিশ্বৰ ৮৫ হেজাৰৰো অধিক সংগ্ৰহালয় বন্ধ হৈ আছে । ইউনেস্ক’ৰ লগতে আই চি অ’ এমৰ দ্বাৰা যুটীয়াভাৱে চলোৱা এক সমীক্ষাত এনে আশংকা ব্যক্ত কৰাৰ লগতে বৃদ্ধি পাইছে দুশ্চিন্তা । বিশ্বৰ বহু সংগ্ৰহালয়ত তথ্য তুলি ধৰিব পৰাকৈ নাই অনলাইন ব্যৱস্থা । এনে কাৰণতে এই ক্ষেত্ৰত আগহীসকলে যোগাযোগ কৰিব পৰা নাই নিৰ্দিষ্ট সংগ্ৰহালয় কৰ্তৃপক্ষৰে ।কৰ’না সংক্ৰমণৰ ফলত সংগ্ৰহালয়বিলাকৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিছে সেই বিষয়ে উল্লেখিত দুই সংস্থাই সমীক্ষাটো চলাইছিল।
সমীক্ষাৰ সময়ত দুয়োটি সংস্থাই সদস্য দেশ তথা বিশেষজ্ঞসকলৰে আলোচনাৰ অন্তত এখন প্ৰতিবেদনো প্ৰস্তুত কৰিছে । শেহতীয়া পৰিসংখ্যা অনুসৰি বিশ্বত প্ৰায় ৫০লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে।মৃত্যু হৈছে তিনি লাখ ২৫ হেজাৰৰো অধিক । মাৰ্কিন যুক্তৰাষ্ট্ৰ, চীন, ব্ৰিটেইন, ৰাছিয়া, ভাৰত আদিৰ দৰে দেশবিলাকৰ অর্থনীতি এতিয়া মন্দাৱস্থাৰ পথত । এনে সময়ত বেংককে ধৰি গুৰুত্বপূৰ্ণ উদ্যোগ আদিক সক্ৰিয় কৰি ৰখাত চিন্তা কৰা চৰকাৰে সংগ্ৰহালয়কলৈ বিশেষ মূৰ ঘমাব বিচৰা নাই । ফলত কঠোৰ তলাবন্ধৰ সময়ত বন্ধ হৈ পৰা সংগ্ৰহালয়বিলাকৰ পুনৰ মুকলিক লৈ নিশ্চিতভাৱেই আশংকাৰ সৃষ্টি হৈছে ।