কৰ’না ভাইৰাছৰ গঠনগত পৰিৱৰ্তন :চীনত উপসৰ্গহীন নতুন সংক্ৰমণ

চীনত পুনৰ নতুন ৰূপত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে; কিন্তু পূৰ্বৰ দৰে নহয় এই সংক্ৰমণ । সম্পূৰ্ণ পৃথক তথা পূৰ্বতকৈ অধিক ভয়াবহ ৰূপত এইবাৰ এই সংক্ৰমণ আৰম্ভ হৈছে । নতুনকৈ আৰম্ভ হোৱা সংক্ৰমণৰ লক্ষ্যণীয়া দিশটো হ’ল ই সম্পূৰ্ণভাৱে উপসৰ্গহীন । এই সংক্ৰমণত আক্ৰান্তৰ শৰীৰত ভাইৰাছৰ গঠনগত পৰিৱৰ্তনো দৃষ্টিগোচৰ হৈছে চীনা চিকিৎসকসকল । নতুন সংক্ৰমণত কৰ’না ভাইৰাছৰ চাৰিত্ৰিক বৈশিষ্ট্যৰো পৰিৱৰ্তন হৈছে । এনে পৰিবর্তনক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল । কৰ’না উৎপত্তিস্থল হিচাপে কুখ্যাত হৈ পৰা চীনৰ উহানৰ উত্তৰ -পূব প্ৰান্তৰ আক্ৰান্তসকলৰ শৰীৰত ক্ৰমে চাৰিত্ৰিক তথ্য গঠনগত পৰিৱৰ্তন হৈছে ভাইৰাছৰ । ফলত চিকিৎসকসকলৰ বাবেও ই অতি ভয়ংকৰ হিচাপে পৰিগণিত হৈছে । যি লাহে লাহে জটিলৰ পৰা জটিলতা ৰূপ ধাৰণ কৰিছে । সেয়েহে নতুনকৈ আক্ৰান্ত হোৱাসকলক চিকিৎসাৰ পূৰ্বে চিকিৎসকসকলে অধিক সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে ।

যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় টেলিভিছনক দিয়া সাক্ষাৎকাৰত চিকিৎসক কিউ ইউ হাইবই এই সম্পৰ্কত কয়, চীনৰ উত্তৰৰ জিলিন তথা হিলংজিয়াঙৰ ৰোগীসকলে দীর্ঘদিনৰ পৰা এই ভাইৰাছক বহন কৰি আহিছে । এইসকলৰ শৰীৰৰ পৰা ভাইৰাছ নিৰ্মূল কৰিবলৈ যথেষ্ট সময়ৰো প্ৰয়োজন হৈছে । উহানৰ আক্ৰান্তসকলৰ তুলনাত এই অঞ্চলৰ ৰোগীসকলৰ শৰীৰত উপসৰ্গ দৃষ্টিগোচৰ হওঁতেও অধিক সময়ৰ প্ৰয়োজন হৈছে । ফলত দ্ৰুত সংক্ৰমণ আৰম্ভ হলে বিপদ অধিক ঘনীভূত হোৱাৰ সম্ভাৱনা আছে । এনেদৰে হ’লে কোনো উপসৰ্গ অবিহনে বহু লোক কৰ’নাত আক্ৰান্ত হৈ পৰিব পাৰে । যোৱা দুসপ্তাহত চীনৰ গুলান ,জিলিন, চেনগাহ আদিত ৪৬ জনৰ শৰীৰত নতুনকৈ সংক্ৰমণ হোৱাটো ধৰা পৰে ; কিন্তু এইসকলৰ শৰীৰত কোনো ধৰণৰ উপসৰ্গ ধৰা পৰা নাছিল । ইয়াৰ ফলত বৃহত্তৰ অঞ্চলটোত নতুনকৈ তলাবন্ধ ঘোষণাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

অঞ্চলটোত ইতিমধ্যে বহু লোকক গৃহবন্দী কৰি ৰখা হৈছে ।চীনৰ হুবেই প্ৰদেশৰ উহানৰ কৰ’না আক্ৰান্তসকলৰ শৰীৰত পোৱা ভাইৰাছৰ আকাৰতকৈ উল্লিখিত স্থানত আক্ৰান্তসকলৰ শৰীৰত পোৱা ভাইৰাছৰ আকাৰো যথেষ্ট সৰু । ভাইৰাছৰ এই আকাৰ পৰিৱৰ্তনৰ সন্দৰ্ভত হংকং বিশ্ববিদ্যালয়ৰ অধ্যাপক কেইজি ফুকুদাই কয় , ‘তত্ত্ব অনুসৰি ভাইৰাছৰ জিনগত পৰিৱৰ্তনেই ভাইৰাছৰ চাৰিত্ৰিক তথা গঠনগত পৰিৱৰ্তনৰ মূল কাৰণ হব পাৰে ।’ অৱশ্যে কৰ’না ভাইৰাছৰ গঠনগত পৰিৱৰ্তনক লৈ চীনৰ এয়া কোনো নাটকো হব পাৰে । এনে পৰিৱৰ্তনত অবিশ্বাস কৰিবলগীয়া নাই যদিও বিশ্ববাসীৰ সন্মুখত ইতিমধ্যে মিছলীয়া সাব্যস্ত হোৱা চীনৰ কোনো কথা বিশ্ববাসীয়ে চকু মুদি মানি ল’বলৈ বিচৰা নাই ।সেয়েহে উপসৰ্গহীন নতুন সংক্ৰমনক লৈ সন্দেহৰ উদ্ভৱ হৈছে ।

Exit mobile version