বনমন্ত্ৰীৰ দিহিং পাটকাই পৰিদৰ্শন প্ৰস্তাৱিত কাৰ্যসূচীক লৈ প্ৰশ্ন

14440627 304631739918981 1505313135616300099 n

দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি প্ৰদানৰ পিছত সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীয়ে অঞ্চলটো পৰিদৰ্শনৰ নিৰ্দেশ দিছিল যদিও মন্ত্ৰীজনে ভ্ৰমণ বাতিল কৰাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে ৷ মন্ত্ৰী শুক্লবৈদ্য দিহিং পাটকাইৰ ছালেকী অঞ্চলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে মন্ত্ৰীৰ ভ্ৰমণসূচীক কেন্দ্ৰ কৰি কয়লা ছিণ্ডিকেটৰ বৰঘৰ মাৰ্ঘেৰিটাত কয়লা মাফিয়াৰ তৎপৰতা বৃদ্ধি পাইছে ৷ অবৈধভাৱে মজুত কৰি ৰখা কয়লা নতুবা ট্ৰাক যাতে মন্ত্ৰীৰ চকুত নপৰে তাৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহ খালী কৰিবলৈ বিধায়ক ভাস্কৰ শৰ্মা বাহিনী ব্যস্ত হৈ পৰিছে ৷

উল্লেখযোগ্য যে শুক্ৰবাৰে পুৱতি নিশা পৰ্যন্ত চোৰাং কয়লা মাফিয়া চক্ৰই মন্ত্ৰীৰ আগমণৰ প্ৰাকমুহূৰ্তত অগণিত কয়লাভৰ্তি ট্ৰাক ট্ৰেইলৰ তিনিচুকীয়াৰ মাজেৰে পাৰ কৰি নিবলৈ সক্ষম হয় । অৱশ্যে বহু ট্ৰাক তিনিচুকীয়াৰ বাইপাছতে আৱদ্ধ হৈ পৰে । এই আৱদ্ধ হৈ পৰা ট্ৰাক সমূহ পুনৰ সন্ধিয়া বিনাবাধাই গন্তব্যস্থানলৈ ৰাওনা হ’ব ৷ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সমান্তৰালভাৱে নৈশ সান্ধ্য আইনৰ সুযোগত যোৱা দিনকেইটাত মাৰ্ঘেৰিটাৰ লেখাপানী, টিপং, নামদাং, বৰগোলা আদি অঞ্চলসমূহৰ পৰা দৈনিক শ শ অবৈধ কয়লাভৰ্তি ট্ৰাক মাফিয়া চক্ৰই সৰবৰাহ কৰি থকাৰ মাজতে বনমৰ পৰিদৰ্শনক কেন্দ্ৰ কৰি অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ভিন্নস্থানত মজুত কৰি ৰখা বৃহৎ বৃহৎ কয়লাৰ দ’মসমূহ হঠাতে অন্তৰ্ধান হৈছে ৷

উল্লেখযোগ্য যে পূৰ্বৰ তুলনাত যোৱা দুদিন দ্ৰুতহাৰত বৃদ্ধি পাইছে ট্ৰাকেৰে কয়লা সৰবৰাহ ৷ নিশা প্ৰায় ১১ বজাৰ পাছত কয়লা ট্ৰাক মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়াৰে বহিঃৰাজ্যলৈ ৰাওনা হৈছে ৷ আনহাতে মন্ত্ৰী পৰিমল শুক্লবৈদ্য দিহীং পাটকাই অভয়াৰণ্য পৰিদৰ্শন কৰাৰ সম্ভাৱনাৰ মাজতে মন্ত্ৰী গৰাকীৰ সঠিক অঞ্চল পৰিদৰ্শন কৰাক লৈ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অবৈধ খনন সৰবৰাহ বন্ধ কৰি ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতিমুক্ত চৰকাৰৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান কৰিছে।

Exit mobile version