সন্তান সম্ভৱা, পাঁচ বছৰৰ তলৰ সন্তানৰ মাতৃ কৰ্মচাৰীক ৰেহাই

PGMom 1224

চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতিক কেন্দ্ৰ কৰি পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক দুটা পৰ্যায়ত কাৰ্যালয়ত উপস্থিতৰ বাবে জাৰি কৰা নিৰ্দেশনাক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ বাবে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড° এম অংগমুথুই যোৱাকালি এ(ই)১০৮/২০১৮/১২০ নম্বৰ নিৰ্দেশনাযোগে যোৱা ১৮ মে’ত এই সম্পৰ্কত জাৰি কৰা এছ (ই) ১০৮/২০১৮/১০৪ নম্বৰৰ নিৰ্দেশনাটো নিলম্বন কৰে । লগতে প্ৰতিটো বিভাগৰ অৱৰ সচিব পৰ্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলৰ কাৰ্যালয় সমূহত উপস্হিতিৰ সময় নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ সবাতোকৈ জ্যেষ্ঠ সচিবক একেটা নিৰ্দেশনাযোগে কৰ্তৃত্ব প্ৰদান কৰে। ইয়াৰ লগে লগে এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী কাৰ্যলয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ বিষয়টো সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ সবাতোকৈ জ্যেষ্ঠ সচিবজনে নিৰূপন কৰিব।

দিছ্পুৰৰ এক সূত্ৰই যোৱা কালি এই কথা সদৰী কৰি জনোৱা মতে,চতুৰ্থ পৰ্যায়ৰ তালাবন্ধৰ সময়ত ৰাজ্যৰ চৰকাৰী কাৰ্যালয় সমূহত পূৰ্ণ শতাংশ বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰৰ বাবে ৰাজ্য চৰকাৰে এক নিদৰ্শনা জাৰি কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জাৰি কৰা এই নিৰ্দেশনাৰ জৰিয়তে চৰকাৰী কাৰ্যালয়সমূহৰ বিষয়া কৰ্মচাৰীৰ মাজত সামাজিক দূৰত্ব নিশ্চিত কৰাৰ স্বাৰ্থত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ৫০ শতাংশক পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ আৰু আন ৫০ শতাংশক পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ কাৰ্যালয়ত উপস্থিত থকাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশ দিয়ে। দুই পৰ্যায়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিতিৰ নিৰ্দেশ দিলেও সংশ্লিষ্ট কৰ্মচাৰীসকলে উক্ত নিৰ্দেশনা মৰ্মে প্ৰতিটো কৰ্মদিনত সুদীৰ্ঘ তিনি ঘণ্টা একেলগে একেটা কাৰ্যালয়তে কাম কৰিব লাগে। ইয়াৰ ফলত অহা যোৱাৰ সময়ত সামাজিক দূৰত্ব নিশ্চিত হলেও কাৰ্যালয় কক্ষৰ ভিতৰত প্ৰকৃত উদ্দেশ্য বিফল হোৱাটো পূৰ্ণ শতাংশই নিশ্চিত ।

ইয়াকে লৈ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ মাজত বিভ্ৰান্তিৰ লগতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে যোৱাকালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে যোৱা ১৮ মে’ত জাৰি কৰা কৰ্মচাৰীৰ উপস্থিতিৰ সম্পৰ্কীয় নিৰ্দেশনাটো নিলম্বন কৰি নতুন নিৰ্দেশনা জাৰি কৰা বুলি সূত্ৰটোৱে জনায়। লগতে চৰকাৰী কাৰ্যলয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিক লৈ যোৱাকালি জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি যিসকল মহিলা কৰ্মচাৰীৰ পাঁচ বছৰ বা তলৰ বয়সৰ সন্তান আছে সেইসকল মহিলা কৰ্মচাৰীএ এতিয়াৰে পৰা তলা বন্ধৰ সময়চোৱাত কাৰ্যলয়ত উপস্থিত নাথাকিলেও হ’ব। অৱশ্যে ঘৰত থকা সময়ছোৱাত ম’বাইল অথবা অন্যান্য ইলেকট্ৰনিক মাধ্যমৰে সংশ্লিষ্ট কৰ্মচাৰীসকলে কাৰ্যালয়ৰে যোগাযোগত থাকিব লাগিব। এনেদৰে সন্তান সম্ভৱা মহিলা কৰ্মচাৰী আৰু অন্যান্য ৰোগত আক্ৰান্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হব। অৱশ্যে সেৱা আৰু কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লগত প্ৰতক্ষ্যভাৱে জড়িত বিভাগসমূহত কৰ্মৰত বিষয়া- কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব বুলি সূত্ৰটোৱে জনায় । তদুপৰি উপ-সচিব পৰ্যায়ৰ বিষয়াসকলৰ লগতে ওপৰৰ সকলো আমোলা বিষয়াৰ সপ্তাহৰ সকলো কৰ্মদিনতে কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক।

Exit mobile version