বিজেপি-অগপ-বিপিএফ সহ কে’বাটাও জনগোষ্ঠীয় ৰাজনৈতিক সংগঠনৰ মিত্ৰতাৰে গঠন হোৱা ৰাজ্য চৰকাৰে দেওবাৰে সম্পন্ন কৰিলে চাৰিটা বছৰ | এই শুভক্ষণত ৰাজ্যবাসীক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই | চাৰিটা বছৰ সম্পূৰ্ণ হোৱা এই উল্লেখনীয় দিনটোত মন্ত্ৰী বৰাই অতীত ৰোমন্থন কৰি কয়, “২০১৬ৰ আজিৰ দিনটোতে অসম চৰকাৰৰ এজন মন্ত্ৰীৰূপে শপত লৈছিলোঁ । মনত সেইদিনা আছিল অদম্য সাহস আৰু উদ্যম | আছিল ৰাইজৰ স্বাৰ্থত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ। আজি চাৰিটা বছৰ সম্পূৰ্ণ কৰাৰ সময়তো সেই একেই উদ্যম, সাহস আৰু হেঁপাহ অনুভৱ কৰোঁ । যিহেতু কৃষি, পশুপালন আদি বিভাগৰ দায়িত্বত আছোঁ | সেয়ে আমি অসমৰ একেবাৰে গ্ৰামাঞ্চলৰ পৰিশ্ৰমী সাধাৰণ ৰাইজৰ স’তে প্ৰত্যক্ষভাৱে জড়িত। তাৰ লগতে অসমৰ অৰ্থনীতি বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ দিশটো টনকিয়াল কৰাত আমাৰ গুৰু দায়িত্ব আছে। সেই দায়িত্ব আমি পৰম সততাৰে পালন কৰিছোঁ । সফলতা-বিফলতাৰ হিচাপ আমি নিজে লবলৈ বা দিবলৈ নাযাওঁ। সেয়া ৰাইজে ক’ব । চাৰিটা বছৰ সম্পূৰ্ণ কৰাৰ এই সময় অতি কঠিন সময়, য’ত এটা মহামাৰীৰ স’তে কেৱল অসমেই নহয়, সমগ্র পৃথিৱীৰ মানুহে যুঁজি থাকিবলগীয়া হৈছে । চূড়ান্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত আমি আজি কাম কৰিবলগীয়া হৈছে। আমি যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, সেয়া স্বৰাজোত্তৰ ভাৰতৰ কোনো এখন চৰকাৰেই হয়তো হোৱা নাই । কিন্তু আমি ভাগৰা নাই, হাৰ মানিব খোজা নাই আৰু হাৰ নামানো । জীৱন আৰু জীৱিকা- দুয়োটাকে সমানে গুৰুত্ব দি আমি আগবাঢ়ি গৈছোঁ। অৰ্থাৎ একে সময়তে আমি নিজৰ স্বাস্থ্যটোও ভাল ৰাখিব লাগিব আৰু অৰ্থনৈতিক দিশটোও সবল কৰিব লাগিব । এই কঠিন যাত্ৰাপথত ৰাইজৰ সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ।”
আমি ভাগৰা নাই, হাৰ মানিব খোজা নাই আৰু হাৰ নামানো – মন্ত্ৰী অতুল বৰা
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026