কৰাচীত ভূপতিত বিমানৰ পৰা কেনেকৈ ৰক্ষা পৰিল জুবেৰ মাছুদ

0 df

হঠাতে এক প্ৰচণ্ড শব্দৰে বৃহৎ অট্টালিকাৰ মূধচত খুন্দা মাৰিছিল বিমানখনে ৷ চাৰিওফালে কেৱল জুই আৰু জুই ৷ শুনিবলৈ পোৱা গৈছিল শিশুৰ ক্ৰন্দন আৰু মহিলা পুৰুষ যুৱক যুৱতীৰ মৰণ কাতৰ আৰ্তনাদ ৷ পাছলৈ আৰু ঘূৰি চোৱা নাছিল ২৪ বছৰীয়া মহম্মদ জুবেৰে ৷ জুই আৰু ক’লা ধোঁৱাই ছানি ধৰা ভয়াৱহ পৰিস্থিতিৰ মাজেৰে কিছু দূৰৈত জুৱেৰে দেখিছিল অকনমান পোহৰ ৷ সেই পোহৰৰ দিশলৈ লক্ষ্য কৰি অতি বেগেৰে খোজকাঢ়ি আগবাঢ়িছিল জুবেৰ আৰু এটা সময়ত জঁপিয়াই দিছিল ৷ একেদৰেই পাকিস্তানৰ কৰাচীত সংঘটিত ভয়াৱহ বিমান দূৰ্ঘটনাৰ মাজতো প্ৰাণ বচাবলৈ সক্ষম হৈছিল জুবেৰ ৷

এয়াৰবাছ দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা সৌভাগ্যশালী জুবেৰে কয় “আৱাসিক অঞ্চলটোত বিমানখনে খুন্দা মৰাৰ পাছত চাৰিওফালে জ্বলি উঠিছিল জুই । জুই আৰু কেৱল ধোৱাঁৰ বাহিৰে সন্মুখৰ একো দৃশ্যমান হোৱা নাছিল । বিমানখনৰ পাখি কংক্ৰিটৰ ঘৰৰ মূধচ ফালি সোমাই গৈছিল ৷ বিমানখনে আঘাত কৰাৰ পাছত আৰু মই সংজ্ঞা ঘুৰাই পোৱাৰ পিছত আৰ্তনাদ মোৰ কাণত ভাহি আহিছিল ৷ চৌপাশে কেৱল কান্দোনৰ ৰোল ৷ সন্মুখত নিশ্চিত মৃত্যুৰ পৰা নিজকে বচাবলৈ প্ৰতিজনে চেষ্টা কৰিছিল ।এ ক মূহুৰ্তৰ বাবে ময়ো যেন তৎ হেৰুৱাইছিলো। ইয়াৰ পাছতে মনত শক্তি সঞ্চয় কৰি মই তেতিয়াও বন্ধা অৱস্থাতে থকা ছিটবেল্টডাল খুলিছিলো আৰু দেখিছিলো যে সন্মুখত ক’ৰবাৰ পৰা অকণমান পোহৰৰ ৰেঙনি আহিছে । মই খৰখেদাকৈ সেই দিশলৈ খোজকাঢ়িছিলো আৰু পাছত বিমানৰ ধ্বংসস্তুপৰ মাজৰ পৰা জঁপিয়াইছিলো এইদৰে কয় প্ৰাণৰক্ষা কৰা ২৪ বছৰীয়া যুৱকজনে ৷

কৰাচীৰ স্থানীয় বিষয়াই জনোৱা মতে,জুবেৰ অগ্নিদগ্ধ হৈছে যদিও বৰ্তমান তেওঁৰ অৱস্থা সুস্থ ৷জুবেৰৰ লগতে দুৰ্ঘটনাটোৰ পৰা প্ৰাণৰক্ষা পৰা আনজন লোক হৈছে বেংক অৱ পঞ্জাৱৰ অধ্যক্ষ জাফৰ মাছুদ । প্ৰাণৰক্ষা পৰা মাছুদে সৃষ্টিকৰ্তাক অলেখ কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে”তেওঁ দয়ালু” ৷ বিমান কৰ্তৃপক্ষৰ মতে”বিমানখনৰ দুয়োটা ইঞ্জিন বিকল হোৱাৰ কাৰণে প্ৰায় ৯৭ জন লোকৰ প্ৰাণ হানি হয় ৷সমগ্ৰ নিশা অভিযান চলাই উদ্ধাৰ কৰা হৈছিল মৃতদেহ ৷ ইতিমধ্যে ১৯ জনক চিনাক্ত কৰা হৈছে ৷বাকীসকলৰ ডি এন এৰ পৰীক্ষা কৰি থকা হৈছে ।

Exit mobile version