চি ই এন এছে প্ৰস্তুত কৰি উলিয়াইছে আৰামদায়ক মাস্ক

WhatsApp Image 2020 05 24 at 6.11.40 PM

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বাঙ্গালোৰস্থিত স্বায়ত্বশাসিত প্ৰতিষ্ঠান চেন্টাৰ ফৰ নেন’ এণ্ড ছফ্ট মেটাৰ চায়েন্সৰ এটা দলে এটা কাপৰদৰে আকৃতি মাস্কৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে য’ত কথা পতাৰ সুবিধা হোৱাকৈ ওঁঠৰ সন্মুখত যথেষ্ঠ ঠাই আছে । সৰহ মাত্ৰাত উৎপাদনৰ বাবে এই আৰ্হি বাঙ্গালোৰস্থিত অন্য এটা সংস্থালৈ ইতিমধ্যে পঠোৱা হৈছে। উল্লেখ্য যে আৰামদায়ক এই মাস্কে কথা পতাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰাৰ লগতে চশমাত বাষ্পৰ সৃষ্টি নকৰে আৰু উশাহ লোৱাৰ সময়ত সুন্দৰকৈ সকলো ফালৰপৰা মুখ ঢাকি ৰাখি সুৰক্ষা প্ৰদান কৰে । শ্বাস-প্ৰশ্বাসৰ বাবে অতিশয় সুবিধাজনক হোৱাৰ বাবে ইয়াক দীৰ্ঘসময়ৰ বাবে পিন্ধি থাকিব পাৰে ।

লগতে বিজ্ঞানীসকলে এনে এক কাপোৰৰ তৰপ এই মাস্কৰ বাবে বাচনি কৰিছে যাৰ লগত ঘৰ্ষণ হ’লে ইয়াৰ ট্ৰিব’ইলেকট্ৰিক প্ৰকৃতিৰ বাবে বিজাণু সম্পূৰ্ণৰূপে অসক্ৰিয় হৈ পৰাৰো সম্ভাৱনা নোহোৱা নহয় । এনে ধৰণৰ উচ্চমানৰ পৰীক্ষণ বৰ্তমান চলি আছে। “যদিও এক কাৰ্যক্ষম আৰ্হিৰে নিৰ্মিত ক’ভিড-১৯ সুৰক্ষা মাস্ক সহজে দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰৰ বাবে অতি প্ৰয়োজনীয় আৰু দেখা যায় যে এটা প্ৰচলিত আৰ্হিৰ বাদে নতুনকৈ এই বিষয়ে ভৱা নহয়। এটা ভাল আৰ্হিয়ে কাষেদি কোনো বস্তু যাতে সোমাব নোৱাৰে তাৰ সম্ভাৱনা হ্ৰাস কৰিব লাগে আৰু পিন্ধি থকা অৱস্থাত শ্বাস-প্ৰশ্বাস আৰু কথা পতাৰ ক্ষেত্ৰত সুবিধা বৃদ্ধি কৰিব লাগে।”

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মাই এইদৰে কয়। ইফালে, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ দ্ৰুতহাৰত বৃদ্ধি হোৱাৰ লগে লগে সাধাৰণ জনতাৰ বাবেও মাস্ক ব্যৱহাৰ কৰা অতীৱ প্ৰয়োজনীয় হৈ পৰিছে। স্বাস্থ্যকৰ্মীসকলে বিশেষভাৱে তৈয়াৰ কৰা উচ্চ-প্ৰযুক্তিৰ মাস্ক পিন্ধাটো জৰুৰী যদিও সাধাৰণ মানুহৰ বাবে সাধাৰণ ফিল্টাৰৰ ব্যৱস্থা থকা মাস্কেই যথেষ্ট। ই আৰামদায়ক ভাৱে তৈয়াৰ কৰিব পাৰিলে জনসাধাৰণক দীৰ্ঘসময়ৰ বাবে ইয়াক পিন্ধি থাকিবলৈ আগ্ৰহী কৰিব পাৰি । চি ই এন এছে এই মাস্কৰ প্ৰযুক্তি বাঙ্গালোৰস্থিত কেইবাদশকৰ আগতে প্ৰতিষ্ঠিত পোছাক তৈয়াৰ কৰা সংস্থা কেমেলিয়া ক্লথিং লিমিটেডক অৰ্পণ কৰিছে। উক্ত সংস্থাই এদিনত প্ৰায় এক লাখ মাস্ক উৎপাদন কৰি বিভিন্ন ধৰণে সমগ্ৰ ভাৰততে বিক্ৰীৰ ব্যৱস্থা কৰিব।

Exit mobile version