জাগীৰোডত ক’ভিড চিকিৎসালয় মুকলি

WhatsApp Image 2020 05 24 at 6.55.29 PM

নগাঁও কাগজ কল চিকিৎসালয়খনক আজি ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিড চিকিৎসালয় হিচাপে আনুষ্ঠানিকভাৱে মুকলি কৰে । ৰাজ্যত শেহতীয়াকৈ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি ক’ভিড চিকিৎসালয় হিচাপে মুকলি কৰি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “নগাওঁ কাগজ কলৰ ক’ভিড চিকিৎসালয়ত ৫০-৭০ জন ৰোগীক চিকিৎসা কৰিব পৰা যাব। অহা দুই তিনিদিনৰ ভিতৰত এই চিকিৎসালয়খনত কৰ’না আক্ৰান্ত ৰোগী ভৰ্তি হ’ব ৷”

স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “ৰাজ্যৰ চৰকাৰে বৰ্তমান পাঁচ হাজাৰ কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ সাজু হৈ আছে ৷ আজি ক’ভিড চিকিৎসালয় মুকলি কৰি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়” জাগীৰোডস্থিত নগাঁও কাগজ কল ক’ভিড চিকিৎসালয়ত বিশ জন চিকিৎসা, ত্ৰিশৰ পৰা পঁয়ত্ৰিশ গৰাকী নাৰ্ছে চিকিৎসা সেৱা আগবঢ়াব ৷ পৰৱৰ্তী সময়ত ক’ভিডৰ চিকিৎসা অন্ত পৰিলে এই চিকিৎসালয়খনক পঞ্চাশখন বিছনাযুক্ত এখন সম্পূৰ্ণ চিকিৎসালয়লৈ উন্নীত কৰা হ’ব ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা নগাঁও কাগজ কলৰ চিকিৎসালয়খনক ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰি ক’ভিড চিকিৎসালয় হিচাপে মুকলি কৰে যদিও সাধাৰণ ৰোগীৰ বাবে মুকলি থাকিব এই চিকিৎসালয় । আনহাতে জাগীৰোডত অস্থায়ী স্বোৱাব সংগ্ৰহ কেন্দ্ৰ এটাও মুকলি কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version