মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ তিনিদিনৰ পাছতো দিহিং পাটকাইলৈ নাহিল বনমন্ত্ৰী

Dehing Patkai

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ তিনিদিনৰ পাছতো দিহিং পাটকাই অভয়াৰণ্য পৰিদৰ্শন কৰিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সময় উলিয়াব নোৱাৰা কাৰ্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে তলাবন্ধৰ মাজতে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন,পৰিবেশ আৰু জলবায়ু মন্ত্ৰ্যালয়ে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ছালেকী অঞ্চলত কয়লা খননৰ বাবে অনুমতি প্ৰদানৰ পাছতে ৰাজ্যত প্ৰতিবাদ আৰম্ভ হয়। ইয়াৰ পৰিপেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল যোৱা ২০ মে’ত বনমন্ত্ৰী শুক্লবৈদ্যক সংশ্লিষ্ট অঞ্চল পৰিদৰ্শন কৰি সবিশেষ বুজ ল’বলৈ নিৰ্দেশ দিছিল ৷ কিন্তু মন্ত্ৰীজনে তিনিদিন ধৰি অঞ্চলটোত উপস্থিত নোহোৱাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে। কাৰণ সম্প্ৰতি সেই অঞ্চলৰ পৰা দৈনিক শ শ চোৰাং কয়লা মাৰ্ঘেৰিটা তিনিচুকীয়া হৈ বহিঃৰাজ্যলৈ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে কুখ্যাৎ ছিণ্ডিকেট চক্ৰই।

উল্লেখযোগ্য যে বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মাৰ্ঘেৰিটাৰ বৃহৎ কয়লা ছিণ্ডিকেট চক্ৰই তলাবন্ধ আৰু নৈশ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি ব্যাপক হাৰত সৰবৰাহ অব্যাহত ৰাখিছে ৷যোৱা নিশাও শতাধিক কয়লাভৰ্তি ট্ৰাক তিনিচুকীয়াৰ বাইপাছেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰে ৷ বৰ্তমানেও বিভিন্ন ঠাইত মজুত হৈ থকা অবৈধ কয়লাৰ বাবেই মন্ত্ৰীৰ ভ্ৰমণ পিছুৱাই গৈছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে ।লক্ষ্যনীয় যে শাসক দলৰ বিধায়কৰ দ্বাৰা চলি অহা এই কয়লা ছিণ্ডিকেটলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেউজ সংকেত থকা বুলি প্ৰকাশ পাই আহিছে ৷

ইফালে মন্ত্ৰীজনৰ এই ভ্ৰমণ বাতিলক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷ সন্থাৰ সাধৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে কয়”স্থানীয় বিধায়কৰ নেতৃত্বত অবৈধ কয়লা সৰবৰাহ শেষ নোহোৱাৰ বাবে পিছুৱাই গৈছে বনমন্ত্ৰীৰ কাৰ্যসূচী ৷সম্প্ৰতি দিহিং পাটকাইৰ ভৱিষ্যত অনাকাংক্ষিত দিশেৰে গতি কৰিছে ।চৰকাৰক প্ৰত্যাহ্বান জনাই ছাত্ৰ নেতাজনে কয় সঁচা অৰ্থত যদি দুৰ্নীতিৰ শূন্য সহনশীলতাৰ প্ৰতি তিলমানো শ্ৰদ্ধা আছে তেন্তে নিজৰ দলীয় বিধায়কৰ নেতৃত্বত চলা অবৈধ কয়লাৰ ৰমৰমীয়া বেহা বন্ধ কৰি পৰিবেশ সংৰক্ষণ আৰু দিহিং পাটকাইত কয়লাৰ মুক্ত খনন বন্ধ কৰিবলৈ তিনিচুকীয়া আছুৱে দাবী জনায়।

Exit mobile version